RPF জোৱানৰ গুলীচালনাত নিহত ৪ জনকৈ লোক। মহাৰাষ্ট্ৰত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। জয়পুৰৰ পৰা মুম্বাইলৈ আহি থকা অৱস্থাত চলন্ত ৰে’লতে এই গুলীচালনাৰ ঘটনা সংঘটিত হয়।
আজি পুৱা ৫ মান বজাত এই ঘটনা সংঘটিত হয়। গুলীচালনা কৰা RPF এএছআই চেতন সিঙক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি পালঘৰ ষ্টেচন পাৰ হোৱাৰ পিছত RPF জোৱানজনে এই গুলীচালনা কৰে। যাৰ ফলত ৪ জনৰ মৃত্যু হয়। ইয়াৰে এগৰাকী তেওঁৰেই আৰক্ষী বিষয়া আৰু আন ৩ গৰাকী ৰে’লযাত্ৰী।
অৱশ্যে কিয় এই ঘটনা সংঘটিত হল এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।