দুই জনগোষ্ঠীৰ সংঘাতত প্ৰায় ৩ মাহ ধৰি অশান্ত হৈ থকা মণিপুৰৰ হিংসাত্মক আৰু ভয়ানক পৰিস্থিতি পোহৰলৈ আহিছিল যোৱা ১৯ জুলাইত। ৩ মে’ত আৰম্ভ হোৱা সংঘৰ্ষৰ পাছত ৪ মে’ত দুই কুকি মহিলাক মেইটেই জনগোষ্ঠীৰ একাংশ লোকে উলংগ কৰি ৰাজপথত পেৰেড কৰাৰ লগতে দলৱদ্ধ ধৰ্ষণৰ দৰে ঘটনা সংঘটিত হৈছিল।
সমগ্ৰ বিশ্বকে জোকাৰি যোৱা এই ঘটনাৰ পাছতে মণিপুৰক লৈ চৰকাৰৰ জবাবদিহি কৰিছিল উচ্চতম ন্যায়ালয়ে। মণিপুৰৰ সেই ভাইৰেল ভিডিঅ’ সন্দৰ্ভত সোমবাৰে উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয়, এই ভিডিঅ’টো পোহৰলৈ আহিছে যদিও মণিপুৰৰ এনেধৰণে মহিলাক আক্ৰমণ বা নিৰ্যাতন কৰাৰ ঘটনা এইটোৱেই একমাত্ৰ নহয়। আন বহু মহিলা আছে যিয়ে এনেধৰণৰ পৰিস্থিতিৰ সম্মুখীন নিশ্চয় হৈছে।গতিকে নাৰীৰ ওপৰত হোৱা হিংসাৰ বিষয়টো বিস্তাৰিতভাৱে পৰীক্ষা কৰিবলৈ এক ব্যৱস্থা গঢ়ি তুলিব লাগিব আৰু ইয়াৰ অধীনত সকলো গোচৰৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
মণিপুৰৰ ভুক্তভোগী মহিলা দুগৰাকীৰ হৈ যুক্তি দৰ্শোৱা জ্যেষ্ঠ অধিবক্তা কপিল ছিব্বালে ন্যায়ালয়ত কয় যে, ভুক্তভোগী কুকি মহিলা দুগৰাকীয়ে এই গোচৰৰ তদন্ত চিবিআইৰ দ্বাৰা হোৱাটো আৰু গোচৰটো অসমলৈ হস্তান্তৰ কৰাৰ বিৰোধিতা কৰিছে। ইয়াৰ বিপৰীতে ভাৰত চৰকাৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয়, তেওঁলোকে গোচৰটো অসমলৈ বদলি কৰিবলৈ অনুৰোধ কৰা নাই।তেওঁলোকে কেৱল বিষয়টো মণিপুৰৰ বাহিৰলৈ স্থানান্তৰিত কৰিব বিচাৰিছে। আনহাতে এই গোচৰৰ শুনানিৰ সময়তে মণিপুৰত ৩ মে’ৰ পৰা আৰম্ভ হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে কিমান এফআইআৰ দাখিল হৈছে সেই সন্দৰ্ভতো প্ৰশ্ন কৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে।
জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়ছিঙে উচ্চতম ন্যায়ালয়ক এই সন্দৰ্ভত কয়, কেন্দ্ৰৰ প্ৰতিবেদন অনুসৰি ৫৯৫ খন এফ আই আৰ পঞ্জীয়ন কৰা হৈছে। কিন্তু ইয়াৰে কিমানটা যৌন নিৰ্যাতনৰ সৈতে জড়িত, আৰু কিমানটা অগ্নিসংযোগ, হত্যাৰ সৈতে জড়িত এই বিষয়ে কোনো সঠিক তথ্য পোৱা নাই। ভুক্তভোগী মহিলা দুগৰাকীৰ হৈ উচ্চতম ন্যায়ালয়ত উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা কপিল ছিব্বালে কয় যে, ভুক্তভোগী মহিলা দুগৰাকীৰ ভিতৰত এগৰাকীৰ পিতৃ আৰু ভাতৃক হত্যা কৰা হৈছিল। কিন্তু এই পৰ্যন্ত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হোৱা নাই।
এই সন্দৰ্ভত ১৮ মে’ত এখন জিৰ এফআইআৰ ৰুজু হৈছিল আৰু উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ পিছতহে বিষটো সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। গতিকে এনে পৰিপ্ৰেক্ষিতত গোচৰটোৰ তদন্তৰ বাবে তেওঁলোকে এটা স্বাধীন সংস্থা বিচাৰে বুলি ন্যায়ালয়ক জনাই জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কয়, প্ৰথমে দুয়োপক্ষৰ চমু শুনানি গ্ৰহণ কৰা হ’ব আৰু তাৰ পিছতহে সঠিক পন্থা সন্দৰ্ভত জনোৱা হ’ব।ন্যায়ালয়ৰ ওচৰত বৰ্তমান প্ৰয়োজনীয় প্ৰমাণ নাই। গতিকে আবেদনকাৰীসকলৰ কথা শুনি তাৰ পিছতহে এটৰ্নী জেনেৰেল আৰু ছলিচিটৰ জেনেৰেলক এই সন্দৰ্ভত জনোৱা হব। ইফালে জ্যেষ্ঠ অধিবক্তা কপিল ছিব্বালে উচ্চতম ন্যায়ালয়ত পুনৰ কয় যে, মহিলা দুগৰাকীক নিৰ্যাতন চলোৱাসকলৰ সৈতে আৰক্ষীয়ে সহযোগিতা কৰাটো ইতিমধ্যেই স্পষ্ট হৈছে। ইয়াৰ প্ৰত্যুত্তৰত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয়, উচ্চতম ন্যায়ালয়ে গোচৰটো নিৰীক্ষণ কৰিলে কেন্দ্ৰৰ কোনো আপত্তি নাই।