ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ MES বিল্ডাৰ্চ এচোছিয়েশ্যন অফ ইণ্ডিয়াৰ দুবছৰীয়া কাৰ্যকালৰ বাবে (২০২৩ – ২৫ ) কাৰ্যকৰী কমিটিৰ সাধাৰণ নিৰ্বাচন ২৭ জুলাইত অনুষ্ঠিত হয়। নিৰ্বাচনটোত যুটীয়া সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদত বিজয়ী হৈছে পশ্চিম গুৱাহাটীৰ আজাৰা অঞ্চলৰ উদ্যমি ব্যক্তি হিচাপে পৰিচিত প্ৰশান্ত মহন্ত। ২৭ জুলাইত নতুন দিল্লীৰ সুব্ৰত পাৰ্কৰ ভাৰতীয় বায়ু সেনাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত প্ৰশান্ত মহন্তই ২৪৩ টা ভোট লাভ কৰি বিজয়ী হয়। তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী অজয় জৈনে ( মীৰাট ) লাভ কৰে ২০২ টা ভোট।
সিদিনাৰ নিৰ্বাচনত ৪৭২ জন ভোটাৰৰ ৪৫৫ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল। তাৰ ভিতৰত সৰ্বাধিক ২৬৯ টা ভোট লাভ কৰে উপ সভাপতি হিচাপে নিৰ্বাচিত চি বালাসতীশে ( বিশাখাপট্টনম )। দ্বিতীয় সৰ্বাধিক ভোট লাভ কৰে সাধাৰণ সম্পাদক পদৰ বিজয়ী দলক প্ৰাৰ্থী সন্দীপ শ্ৰীবাস্তৱে (আগ্ৰা )। তৃতীয় সৰ্বাধিক ভোট লাভ কৰিছিল প্ৰশান্ত মহন্তই। নিৰ্বাচনত সভাপতি পদত জি এছ মাগো (আগ্ৰা), জেষ্ঠ্য উপ সভাপতি পদত কুমাৰ অশোক (দিল্লী), আৰু কোক্ষাধ্যক্ষ পদত কুমাৰ গুপ্তা (দিল্লী) বিজয়ী হৈছে। উল্লেখ্য যে এচোছিয়েশ্যনৰ ভাৰতত ৯ টা মণ্ডল আৰু ৭৪ টা শাখা আছে। অসমকে ধৰি উত্তৰ পূবত শাখা আছে ৮ টা। প্ৰশান্ত মহন্তই পূব মণ্ডলৰ (বি) পৰা প্ৰতিনিধিত্ব কৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। আনহাতে ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ু সেনাকে ধৰি প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ উত্তৰ পূবত থকা বিভিন্ন নিৰ্মাণকাৰ্যত দীৰ্ঘদিনৰ পৰা জৰিত প্ৰশান্ত মহন্ত আজাৰাকে ধৰি পশ্চিম গুৱাহাটীৰ বিভিন্ন সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত হৈ আছে। ইয়াৰ পূৰ্বে ২০০৮ – ১০ চনত প্ৰশান্ত মহন্ত এচোছিয়েশ্যনৰ যুটীয়া সম্পাদক পদত বিজয়ী হৈছিল।