বৰাক উপত্যকাত যেন নিষিদ্ধ ড্ৰাগছৰ সোনালী ত্ৰিভূজত পৰিণত হৈছে। বৰাক উপত্যকাক নিৰাপদ কৰিড’ৰ হিচাপে বাছি লৈ ড্ৰাগছ ব্যৱসায়ীয়ে প্ৰায়েই সৰবৰাহ কৰি আহিছে যুৱ প্ৰজন্মক ধ্বংসৰ দিশে ঠেলি দিয়া মাৰাত্মক হেৰ’ইন। বৰাকৰ মাজেৰে বিলাসী বাহনত সৰবৰাহ কৰাৰ সময়ত বৃহস্পতিবাৰে কৰিমগঞ্জৰ কায়স্থগ্ৰামবজাৰ এলাকাত বি এছ এফ আৰু আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৪কোটি টকা মূল্যৰ হেৰ’ইন। বি এছ এফৰ চোৰাংচোৱা শাখাই লাভ কৰা গোপন তথ্যৰ ভিত্তিত কৰিমগঞ্জ- মিজোৰাম সংযোগী ৮ নং ৰাষ্ট্ৰীয় ঘাইপথত নিলামবাজাৰ আৰক্ষীৰ সৈতে চলোৱা অভিযানত জব্দ কৰা হয় ৭৬৮ গ্ৰাম হেৰ’ইন।
#AssamAgainstDrugs@karimganjpolice and @BSF_India jointly intercepted a vehicle at Kayasthagram bazar and seized 50 soap cases containing 768 grams of Heroin. Also apprehended an accused.
Excellent team work. Keep it up. @assampolice @DGPAssamPolice pic.twitter.com/9SswOIp9oJ
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) August 3, 2023
বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১-৩০ বজাত পাথাৰকান্দি অভিমুখে আহি থকা এ এছ-১০-জি-০২১৩ নম্বৰৰ এল্ট’ বাহনখনত তালাচি চলাই জব্দ কৰা হয় ৫০ টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ। বাকচ কেইটাৰ পৰা উদ্ধাৰ কৰা হয় ৭৬৮ গ্ৰাম হেৰ’ইন। জব্দকৃত হেৰ’ইনৰ বজাৰ মূল্য প্ৰায় ৪ কোটি টকা বুলি বি এছ এফৰ সূত্ৰে জানিব পৰা গৈছে। ইফালে হেৰ’ইনসহ গাড়ী চালক তথা সৰবৰাহকাৰী ছিফাৰ উদ্দিনক আৰক্ষীয়ে আটক কৰিছে । ধৃত ছিফাৰ উদ্দিনৰ ঘৰ পাথাৰকান্দি থানাৰ অন্তৰ্গত হাতীৰগোল এলাকাত। বৰ্তমান গাড়ী, হেৰোইনসহ ছিফাৰ উদ্দিনক নিলামবজাৰ থানালৈ অনা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।