মহানগৰীৰ হেঙেৰাবাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। পত্নী আৰু দুটি কণমানি সন্তানক শয়ন কক্ষৰ দৰ্জাত তলা লগাই বন্দী কৰি ৰান্ধনিশালত চিপজৰী লৈ আত্মহত্যা স্বামীৰ।
এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে স্থান মহানগৰীৰ হেঙেৰাবাৰীৰ কাঞ্চন নগৰত। আত্মহনৰ পথ বাচি লোৱা লোকজনৰ নাম কমল ৰাজবংশী । মৃত্যুৰ সময়ত ৰাজবংশীৰ বয়স হৈছিল প্ৰায় ৩৭ বছৰ। পেছাত কাঠমিস্ত্ৰী ৰাজংশীয়ে কি কাৰণে এই পথ বাচি ল’লে সেই সন্দৰ্ভত বৰ্তমানে কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে ঘটনা সন্দৰ্ভত দিছপুৰ থানাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।