লখিপুৰত আৰক্ষীৰ গুলীত আহত হ’ল বঙালমৰাৰ ২নং ইচলামপুৰৰ আনাৰুল ইছলাম নামৰ এজন যুৱক৷ আৰক্ষীৰ জিম্মাত থকা আনাৰুলক লগত লৈ ভাতৃ চাদ্দাম হোছেইনক বিচাৰি অভিযান চলাওঁতে এই ঘটনা সংঘটিত হয়৷ যি ঘটনাই ব্যাপক চৰ্চা লাভ কৰে সমগ্ৰ ৰাজ্যত। পিছে অসাৱধানবশতঃহে এই ঘটনা সংঘটিত হয়। এই স্পষ্টিকৰণ খোদ আৰক্ষীৰ।
আৰক্ষীৰ এই মন্তব্যৰ পাছত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সচেতন মহলত। আৰক্ষীৰ এটা গুৰুত্বপূৰ্ণ অভিযানত কি দৰে অসাৱধানতাৰে গুলী ফুটিব পাৰে সেয়া যেন ৰহস্যৰ বিষয়। আনহাতে কিয় বা কি গোচৰত অভিযান চলাইছিল সেয়াও এই পৰ্যন্ত স্পষ্ট কৰা নাই আৰক্ষীয়ে৷