গুৱাহাটী মহানগৰীক অবৈধ সুৰাৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে বিগত দিনকেইটাত আৱকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী সদৰকে ধৰি আটাইকেইটা আৱকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে দেশী – বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে। আনহাতে কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাসৰ নিৰ্দেশত গোপন সূত্ৰৰ পম খেদি মঙলবাৰে দিনৰ ভাগত দিছপুৰ আবকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ ফালৰ পৰা বৰবাৰী বজাৰ , কৃষ্ণনগৰ, হেঙেৰাবাৰী, লিচুবাগান আদি অঞ্চলত চুলাই মদ প্ৰস্তুত কৰা ভাটিত এক অভিযান চলায়।
অভিযানকালত প্ৰায় ৮০ লিটাৰৰো অধিক চুলাই মদ আৰু চুলাই মদ প্ৰস্তুত কাৰ্যত ব্যৱহৃত প্ৰায় ৩৮০ লিটাৰৰো অধিক পাছ আৰু চাৰিটা বিভিন্ন ধৰণৰ সজুলি জব্দ কৰা হয়। অবশ্যে অভিযানৰ উমান পায়েই চুলাই মদ বিক্ৰেতা আৰু প্ৰস্তুত কাৰ্যৰ লগত জড়িত লোকসকল পলাই যাবলৈ সক্ষম হয়। আনহাতে জব্দ কৰা চুলাই মদ আৰু পাছখিনী পাছত বিভাগীয় নিয়মানুসাৰে নষ্ট কৰি পেলোৱা হয়।