উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনী ( RPF ) যাত্ৰীবাহী ৰেল, ৰেল ষ্টেচন, ৰেলৱে পৰিসৰত চোৰে যাতে কোনো যাত্ৰীৰ সামগ্ৰী চুৰি কৰিব নোৱাৰে তাৰ বাবে নিয়মীয়াকৈ অভিযান চলাই আহিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দেই সদৰি কৰা অনুসৰি যোৱা ২৯ আগষ্টৰ পৰা ৩১ আগষ্টলৈকে তিনি দিনত RPF এ বিভিন্ন যাত্ৰীবাহী ৰেল, গুৱাহাটী, নিউ হাফলং, লামডিং আৰু কাটিহাৰ ৰেল ষ্টেচনৰ পৰা প্ৰায় ১.৭৪ লাখ টকা মূল্যৰ চুৰি হোৱা সোণৰ আঙুঠি, চেইন আৰু মবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
তেনেদৰে এই অভিযানত হাতে লোটে মুঠ ১১ জন চোৰক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ কৰা চোৰ কেইজনক পাছত আইনগত ব্যবস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰী ৰেলৱে আৰক্ষী চমুকৈ জি আৰ পিক গতাই দিয়া হয়।