ঔপনিৱেশিক কালৰ অসমৰ প্ৰথম মহিলা শ্বহীদ চাহ শ্রমিক মাংৰী ওৰাঙৰ জীৱনগাঁথা সজীৱ হৈ উঠিল “মালতী মেম” শীর্ষক বহুভাষিক নাটকৰ ৰূপত । ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ স্বায়ত্তশাসিত সংস্থা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ (আই জি এন চি এ)ৰ উত্তৰ-পূব ক্ষেত্ৰীয় কেন্দ্ৰৰ এমাহজোৰা কৰ্মশালাৰ ফচল এই নাট্য প্রকল্প। নাটখন পৰিচালনা কৰিছে নেশ্যনেল স্কুল অৱ ড্রামা ছিকিম কেন্দ্ৰৰ প্ৰাক্তন ছাত্ৰী পৰী শৰণীয়াই আৰু চিত্ৰনাট্য ৰচনা কৰিছে কবি প্ৰণৱ কুমাৰ বৰ্মনে। ২৯ আগষ্টত সন্ধিয়া নাটকখন শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। চাহ বাগিচাত বিলতী মদ আৰু কানি বিৰোধী অভিযানত অংশ লোৱা আদিবাসী স্বাধীনতা সংগ্রামী আছিল মাংৰী ওৰাং। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্রজ্বলন কাৰ্যসূচীত উপস্থিত থাকে উত্তৰ-পূবৰ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ (চিচিআৰটি) পৰামৰ্শদাতা নিৰঞ্জন ভূঞা, সংগীত নাটক অকাডেমি উত্তৰ-পূৱ শাখাৰ প্ৰকল্প সঞ্চালক অৰূপ বৰদলৈ, সাহিত্য অকাডেমি বঁটাপ্ৰাপক অনুৰাধা শৰ্মা পূজাৰী আৰু উত্তৰ পূৰ্বাঞ্চল চাহ সংস্থাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতি।
আইজিএনচিত্ৰৰ ক্ষেত্ৰীয় সঞ্চালক সুৰেশ গদুকাই স্বাধীনতা আন্দোলনৰ সময়ত মাংৰী ওৰাঙৰ অৱদানক উজ্জ্বল কৰি তুলিবলৈ লোৱা এই প্ৰকল্পৰ আঁৰৰ ধাৰণা ব্যাখ্যা কৰে। তেওঁ লগতে উল্লেখ কৰে যে এই প্ৰকল্পটো ৰাষ্ট্ৰীয় মঞ্চত উত্তৰ- পূৰ্বাঞ্চলৰ মহান ব্যক্তিসকলৰ জীৱন আৰু অৱদান প্ৰদৰ্শনৰ এক পদক্ষেপ। উত্তৰ-পূবৰ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন পৰামৰ্শদাতা প্রদীপ পূজাৰী, বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পাদক ড০ জগদীন্দ্ৰ ৰায় চৌধুৰী, সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত প্রদর্শনী বিষয়া জ্ঞানেন্দ্ৰ বৰকাকতি, শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, ৰাষ্ট্ৰীয় বঁটা প্ৰাপক চলচ্চিত্র নির্মাতা সঞ্জীব সভাপণ্ডিত, বিশিষ্ট নাট্য শিল্পী অনুপ হাজৰিকা আৰু পাকিজা বেগমকে ধৰি বহু ব্যক্তিৰ উপস্থিতিৰে প্ৰেক্ষাগৃহ ভৰি পৰে। প্রায় ৪০ জনীয়া শিল্পীৰ এটা দলে নাটকত অংশ লয়। ইয়াৰ পূৰ্বে নলবাৰী নাট্য মন্দিৰত নাটখনৰ বিষয় আৰু উপস্থাপন সন্দৰ্ভত মতামত আৰু পৰামৰ্শ লোৱাৰ বাবে এটা প্রিভিউ শ্বও অনুষ্ঠিত কৰা হৈছিল।