আজি সোমবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হব মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নামঘৰ, সত্ৰৰ লগতে সত্ৰনগৰী বৰপেটাত হৰিনাম কীৰ্তনৰল মহা আয়োজন কৰা হৈছে। মহাপুৰুষজনাৰ ৪২৭ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে বৰপেটা, সুন্দৰীদিয়া, গণককুছি, বাৰাদি আৰু পাটবাউসীত আজি পালন কৰা হ’ব কীৰ্তন মহোৎসৱ। ইয়াৰোপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মহাপুৰুষ জনাৰ তিৰোভাৱ তিথি পালন কৰা হ’ব। নাম, কীৰ্তনৰ ধ্বনিৰে মুখৰিত হৈ পৰিব আকাশ-বতাহ।
১৪৮৯ চনত জন্ম লাভ কৰা শ্ৰী শ্ৰী মাধৱদেৱ সম্পৰ্কে কোনো অসমীয়াকেই কাহানিও পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নহ’ব । অসমীয়া জাতিৰ অস্তিত্ব থকালৈকে থাকিব গুৰুদুজনাৰ আদৰ্শ আৰু অৱদান। শ্ৰীমন্ত শংকৰদেৱৰ দৰেই সকলো দিশতেই সমানেই পাণ্ডিত্য আছিল শ্ৰী শ্ৰী মাধৱদেৱৰো। শংকৰদেৱে বঢ়াৰ পো আখ্যা দিয়া মাধৱদেৱৰ সৃষ্টিৰাজিয়েই ইয়াৰ প্ৰমাণ। শ্ৰীমন্ত শংকৰদেৱৰ দৰেই মাধৱদেৱৰো সৃষ্টিৰাজি কেৱল ভক্তিমূলক নাছিল । ভক্তিৰ মাজতেই লুকাই আছে মহাপুৰুষ গৰাকীৰ কবিত্বময় প্ৰকাশ। ইয়াৰেই জলন্ত উদাহৰণ মহাপুৰুষজনাৰ অমৰ সৃষ্টি নামঘোষা ।
মহাপুৰুষজনাৰ সাহিত্য ৰাজিক প্ৰধানকৈ ভাগ কৰা হয় আখ্যানমূলক আৰু তত্ৱমূলক সাহিত্যত। ইয়াৰ উপৰিও গুৰু শংকৰদেৱৰ পদধূলা অনুসৰণ কৰিয়েই ৰচনা কৰিছিল বৰগীত আৰু আন কাব্যৰ।