গুৱাহাটী মহানগৰীৰ গড়চুক – আজাৰা সংযোগী পথৰ দুখনকৈ দলঙৰ বিধ্বস্ত ৰূপৰ বাবে যিকোনো মূহুৰ্ততে ভয়াবহ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ঘনীভূত হৈছে। উল্লেখযোগ্য যে. সম্প্ৰতি মহানগৰীৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু বৰঝাৰ বিমানবন্দৰলৈ যোৱা বিকল্প পথ হিচাপে পৰিগণিত হোৱা পথচোৱাৰ গড়চুকৰ পৰা মাত্ৰ ২০০ মিটাৰ নিলগত পামহী কেনেলৰ ওপৰত অসম চৰকাৰৰ লোকনিৰ্মাণ পথ বিভাগে প্ৰায় ডেৰ দশক পূৰ্বে শৰাইঘাটৰ পুৰণি দলঙৰ আৰ্হিত নিৰ্মাণ কৰা দলংখন বহুদিন ধৰি মেৰামতি কৰা নাই বিভাগে। ফলত দলঙৰ ওপৰত শ্লেৱখনৰ পকী আৱৰণ এৰাই গৈ লোৰ ৰড সমূহ বিপদজনক ভাবে ওলাই পৰিছে। সমান্তৰালভাৱে দলঙৰ মাজভাগত সৃষ্টি হৈছে কেবাটাও সৰু – বৰ গাঁত। তেনেদৰে একেটা পথেৰে সেই দলংখনৰ পৰা মাত্ৰ এক কিলোমিটাৰ নিলগত মইনাখোৰোং মজলীয়া বিদ্যালয়ৰ সমীপত থকা আন এখন পকী দলঙৰ দুয়োটা মুৰ খহি গৈ দুটা বৃহৎ গাঁতৰ সৃষ্টি হৈছে। ৰাইজে সেই গাঁতত খোজ কাঢ়ি অহা কোনো লোক কিম্বা বাহন যাতে পৰি নাযায় তাৰ বাবে বাঁহ পুতি দিছে।
এই সন্দৰ্ভত বৃহত্তৰ অঞ্চলটোৰ অগ্ৰণী সামাজিক , সাংস্কৃতিক আৰু ক্ৰীডা অনুষ্ঠান ইয়ং গ্ৰীণ ক্লাবৰ উপদেষ্টা উৎপল কুমাৰ দাস , সভাপতি বিষ্ণু প্ৰসাদ বড়ো আৰু সাধাৰণ সম্পাদক ধীৰাজ টুমুং; ভীমাশংকৰ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি সনেশ টেৰণ, সম্পাদক হেনৰী ডেভিড টেৰণ, সহকাৰী সম্পাদক সুশীল টেৰণকে ধৰি অঞ্চলটোৰ বিভিন্ন দল – সংগঠনৰ কৰ্মকৰ্তা সকলে সদৰি কৰা অনুসৰি এইবেলি সোভাগ্যক্ৰমে বৰষূণ কম হোৱা বাবেই মইনাখোৰোং মজলীয়া বিদ্যালয়ৰ সমীপত থকা দলঙৰ মূৰ দুটাৰ মাটিখিনী খহি যোৱা নাই। কিন্তু যদি ধাৰাষাৰ পৰিমাণৰ বৰষূণ আহে তেন্তে দলংখনৰ মূৰ দুটাৰ মাটি খহি গৈ দলঙৰে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰাটো নিশ্চিত। তেনেদৰে পামহী কেনেলৰ ওপৰত শৰাইঘাটৰ পুৰণি দলঙৰ আৰ্হিত নিৰ্মাণ কৰা দলঙতো ওলাই থকা লোৰ ৰদ আৰু গাত সমূহৰ বাবে যিকোনো মূহুৰ্ততে হব পৰা ভয়াবহ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজ শংকিত হৈ আছে। যাৰ বাবে ইয়ং গ্ৰীণ ক্লাব, ভীমাশংকৰ মন্দিৰ পৰিচালনা সমিতিয়ে শীঘ্ৰেই লোকনিৰ্মাণ বিভাগৰ পশ্চিম গুৱাহাটী পথ সংমণ্ডলক দুয়োখন দলং মেৰামতি কৰি দুৰ্ঘটনাৰ আশংকা নোহোৱা কৰিবলৈ দাবী জনাইছে ।