গুৱাহাটী মহানগৰীক অবৈধ সুৰাৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে বিগত দিনকেইটাত আৱকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী সদৰকে ধৰি আটাইকেইটা আৱকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে দেশী – বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে। আনহাতে কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাসৰ নিৰ্দেশত আজি আৰু কালি দিনৰ ভাগত বশিষ্ঠ আৰু দিছপুৰ আবকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে বৰবাৰী বজাৰ , কৃষ্ণনগৰ, বৰটিলা পাহাৰ, জয়ানগৰ, ত্ৰিপুৰা ৰোড, বেহাৰবাৰী, বেলতলা আদি অঞ্চলত চুলাই মদ প্ৰস্তুত কৰা ভাটি আৰু বিক্ৰেতাৰ বিৰুদ্ধে এক অভিযান চলায়।
আনহাতে দুদিনীযা অভিযানত ১৭০ লিটাৰৰো অধিক চুলাই মদ আৰু চুলাই মদ প্ৰস্তুত কাৰ্যত ব্যৱহৃত প্ৰায় ৪৭৫ লিটাৰৰো অধিক পাছ আৰু পাঁচটা বিভিন্ন ধৰণৰ সজুলি জব্দ কৰা হয়। অবশ্যে অভিযানৰ উমান পায়েই চুলাই মদ বিক্ৰেতা আৰু প্ৰস্তুত কাৰ্যৰ লগত জড়িত লোকসকল পলাই যাবলৈ সক্ষম হয়। আনহাতে জব্দ কৰা চুলাই মদ আৰু পাছখিনী পাছত বিভাগীয় নিয়মানুসাৰে নষ্ট কৰি পেলোৱা হয়। ইফালে অভিযানৰ সময়ত বশিষ্ঠ আবকাৰী চক্ৰ কাৰ্যালয়ৰ দলটোৱে চলোৱা অভিযানত কালি ৰাজহুৱা স্থানত সুৰাপান কৰাৰ অপৰাধত এজন লোকক আটক কৰে আৰু অসম আৱকাৰী আইনত আধিনত তেওঁক জৰিমণা বিহা হয়।