গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ উদ্যান শস্য গবেষণা কেন্দ্ৰত বুধবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে তালজাতীয় খেতি বিষয়ক এখন ৰাষ্ট্ৰীয় কৰ্মশালা। সৰ্বভাৰতীয় সংহত তালজাতীয় শস্য গবেষণা প্ৰকল্প চমুকৈ এ আই চি আৰ পিৰ উদ্যোগত আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আই চি আৰ এ) ৰ সহযোগত অনুষ্ঠিত তিনিদিনীয়াকৈ আৰম্ভ হোৱা কৰ্মশালাখনৰ মূল লক্ষ্য হৈছে এ আই চি আৰ পিৰ অধীনত দেশত থকা ২৪ টা কেন্দ্ৰই বিগত সময়চোৱাত তালজাতীয় শস্যৰ গবেষণা , উৎপাদন আদি দিশত কিমানখিনী উন্নয়ন সাধন কৰিছে, কি কি ক্ষেত্ৰত কিমান কাম কৰা হৈছে, ইয়াৰ পৰা কৃষক ৰাইজ কিমানখিনী উপকৃত হৈছে, এই খেতিৰ জৰিয়তে আৰ্থিক দিশত কৃষক কিমানখিনী লাভাম্বিত হব তাৰ বিতং পৰ্যালোচনা কৰি আগন্তুক দিনত লবলগীয়া ব্যৱস্থা আদিৰ এক বুনিয়াদ গঢ়ি তোলা। আনহাতে তিনিদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালাখনত দেশৰ বিভিন্ন প্ৰান্তত থকা ২৪ টা কেন্দ্ৰৰ ৬০ জনৰো অধিক কৃষি বিজ্ঞানী, গৱেষকে ভাগ লৈছে । কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আজি পুৱা অনুষ্ঠিত কৰ্মশালখন উদ্ধোধন কৰে অসম কৃষি আয়োগৰ সদস্য অাৰু কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত মুখ্য মুখ্য বিজ্ঞানী ডঃ নলীন কুমাৰ মোহনে। এই উপলক্ষে কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ জে চি নাথৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত ডঃ নলীন কুমাৰ মোহনে ভাষণ প্ৰসংগত তালজাতীয় খেতিৰ বাণিজ্যিক দিশ আৰু কৃষকে এই খেতিৰ জৰিয়তে কিদৰে আৰ্থিক দিশত চহকী হব পাৰে তাৰ বাখ্যা দাঙি ধৰে।
অনুষ্ঠানত আই চি আৰ এৰ অতিৰিক্ত সঞ্চালক প্ৰধান ডঃ ভি বি পেটেল, এ আই চি আৰ পিৰ প্ৰকল্প সমনয়ক ডঃ বি আগষ্টটাইন জেৰাৰ্ড, যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ গবেষণা সঞ্চালক ডঃ মৃণাল শইকীয়া, কেৰেলাৰ কেন্দ্ৰীয় শস্য গবেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ কে বি হেব্বাৰ , অন্ধ্ৰপ্ৰদেশৰ তৈল পাম গবেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ কে সুৰেশে বিশিষ্ট অতিথি হিচাপে ভাগ লৈ এনে ধৰণৰ কৰ্মশালাই কৃষি বিজ্ঞানী আৰু গৱেষক সকলক কিদৰে উপকৃত কৰিব তাৰ আলোকপাত কৰে আৰু পৰৱৰ্তী সময়ত যাতে কৃষক সকল লাভবান হব পাৰে সেই দিশত কাম কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত কৰ্মশালাত ভাগ লোৱা কেন্দ্ৰ সমূহে প্ৰকাশ কৰা কেবাখনো প্ৰযুক্তি পুস্তিকা উন্মোচন কৰা হয়। আনহাতে কৰ্মশালাৰ লগত সংগতি ৰাখি এখন কৃষি বিষয়ক প্ৰদৰ্শনীও অনুষ্ঠিত হৈছে । ইয়াৰ উপৰিও কেবাখনো আলোচনা সত্ৰ আৰম্ভ হৈছে । উল্লেখযোগ্য যে ১৫ ছেপ্টেম্বৰত বিয়লি তিনিদিনীয়া কৰ্মশালাৰ সামৰণি পৰিব।