আজি ছহীদ দিৱস। ৪১টা বছৰ সম্পূৰ্ণ কৰিলে ভাৰত ত্যাগ আন্দোলনত দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়া অসমীয়া সেননীৰ মৃত্যুয়ে। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত দেশমাতৃৰ স্বাধীনতাৰ হকে যুঁজ দি ২০ ছেপ্টেম্বৰ দিনটোতেই মৃত্যুবৰণ কৰিছিল কেইবাগৰাকীও অসমীয়াই।
এইসকলৰ ভিতৰত আছিল কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী, তিলেশ্বৰী বৰুৱা, মনবৰ নাথ আৰু কমলা মিৰিকে ধৰি কেইবাগৰাকীও বীৰ-বীৰাংগনা। স্বাধীনতা বিপ্লৱত অসীম ত্যাগ আৰু দেশপ্ৰেমৰ অতুল্য নিদৰ্শন দেখুৱাই এইসকল সংগ্ৰামীয়ে বৃটিছৰ বিপক্ষে থিয় দিছিল। গহপুৰ থানাত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ আগবাঢ়ি গৈ বৃটিছৰ গুলীত মৃত্যুবৰণ কৰে কনকলতা বৰুৱা, মুকুন্দ কাকতি আদিয়ে।
উল্লেখ্য যে, এই আন্দোলনত প্ৰাণ আহুতি দিয়া প্ৰথমগৰাকী অসমীয়া মহিলা ছহীদ কনকলতা বৰুৱাৰ পৰিয়ালে আজিৰ দিনটোতে ৰাজ্যবাসীক দিছে এটি ভাল খবৰ। কনকলতা বৰুৱাৰ ভাতৃ কালিচৰণ বৰুৱাই ছহীদ কনকলতা বৰুৱাৰ বিভিন্ন তথ্য সমৃদ্ধ এখন গ্ৰন্থ লিখি প্ৰকাশৰ দিশে আগবাঢ়িছে।