চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলঙত বাস কৰি আহিলেও তাত থকা অসমীয়া লোকসকলে পাহৰা নাই অসমৰ কলা, কৃষ্টি, সংস্কৃতি। অসমৰ দৰে তেওঁলোকে পালন কৰি আহিছে বহাগ বিহুৰ পৰা আৰম্ভ কৰি মহাপুৰুষ দুজনাৰ তিৰোভাৱ তিথি , আবিৰ্ভাৱ মহোৎসৱ, শিল্পী দিৱস, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আদি। তেনেদৰে ১৬ ছেপ্টেম্বৰত শ্বিলঙৰ ষ্টানিলেণ্ডস্থিত অসম কৃষ্টি কেন্দ্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ নামঘৰৰ পৰিচালনা সমিতিৰ বাপ আৰু আইসকলৰ উদ্যোগত মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱেৰ তিৰোভাৱ তিথি ভাগ সুচাৰুৰূপে পালন কৰা হয়৷
এই সন্দৰ্ভত কৰ্মসূত্ৰে বহু বছৰ শ্বিলঙত বাস কৰি অহা মহিলা লেখিকা বৰ্ণালী হাজৰিকাই জানিবলৈ দিয়া মতে বিশেষকৈ মেঘালয়ৰ দুৰ দুৰণিত বসবাস কৰা অসমীয়া লোকসকলে এই ভাদমহীয়া নামতে সকলোৱে লগত দেখা, সাক্ষাৎ হোৱাৰ লগতে এক সৌহাৰ্দ্যপূৰ্ণ সৌভাগ্য এই নামৰ দ্বাৰাই ঘটে ৷ আৰু সকলোৱে একত্ৰিত হৈ শ্বিলঙৰ তিনিওটা নামঘৰতে গুৰুদুজনাৰ পৰম্পৰা ৰক্ষা কৰি সকলোকে একতাৰ দোলেৰে বান্ধি ৰাখিছে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেনেকৈ অসমৰ সকলো লোককে একতাৰ দুলেৰে বান্ধি ৰাখিছে ঠিক তেনেকৈ পাহাৰীয়া জিলা শ্বিলঙত বাস কৰা সকলো অসমীয়া লোককো শ্ৰীশ্ৰী মহাপুৰুষ দুজনাই একতাৰ দোলেৰে বান্ধি ৰাখিছে ৷ এই পৰম্পৰা আৰু নিদৰ্শন সদায়ে এনেদৰে সুদুৰ প্ৰসাৰি হৈ থাকে যেন ৷