গুৱাহাটী মহানগৰীৰ সমীপবৰ্তী ৰাণী বনাঞ্চলিক কাৰ্যালয় অধীনৰ নালাপাৰা শুকুৰবেৰী, চেচা, বেলগুৰি, জয়পুৰ গাৰোপাৰা জৰাশাল আদি পথত নিশা হলেই একাংশ সন্দেহজনক লোকে প্ৰৱেশ কৰি আহিছে। দৈনিক সন্ধিয়া হোৱাৰ পৰাই আৰম্ভ কৰি নিশা প্ৰায় ১ বজালৈ সন্দেহ জনক লোকৰ অহা-যোৱা কৰে। কি কাৰণত সংৰক্ষিত বনাঞ্চলৰ পথত নিশা এনেদৰে অহা-যোৱা কৰি থাকে তাক ৰহস্যৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত সচেতন নাগৰিক হিচাবে পশ্চিম গুৱাহাটী সমষ্টিৰ বিক্ৰমপুৰৰ বাসিন্দা জোন ৰাভা, জয়ন্ত দাস আৰু নাৰায়ণ দাসৰ নামৰ তিনিজন যুৱকে আজি গুৱাহাটী বশিষ্ঠস্থিত পূৱ কামৰূপ বন সংমণ্ডল প্ৰাধিকৰণ বিষয়ালৈ এক পত্ৰ প্ৰেৰণ কৰে। তিনিজন সচেতন ব্যক্তিয়ে পত্ৰখনত উক্ত সংৰক্ষিত বনাঞ্চলত বনবিভাগৰ ফালৰ পৰা নিশা কটকটীয়া পহৰাৰ ব্যবস্থা গ্রহণ কৰিব লাগে। কেৱল এয়ায়ে নহয় সন্ধিয়া হোৱাৰ লগে লগে নালাপাৰা সমীপৰ কাৱাছীং সংৰক্ষিত বনাঞ্চলত গুলি শব্দ শুনিবলৈ পোৱা যায়। ইয়াৰ পূৰ্বে ২০২২ বৰ্ষৰ ১৩ আগষ্টত সন্ধিয়া ৫.৩৬ বজাত বেলগুৰী গাওৰ পিছফালৰ সংৰক্ষিত বনাঞ্চলত হাতী চিকাৰ কৰিছিল। তাৰপিছত বৰ্তমান এতিয়াও সংৰক্ষিত বনাঞ্চলত নিশা হলেই প্ৰায়ে গুলি শব্দ শুনিবলৈ পোৱা যায় যদিও বনবিভাগৰ ফাৱৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ গ্রহণ কৰা নাই। এই সন্দৰ্ভত ৰাণী বনাঞ্চলিক কাৰ্যালয়ত অৱগত কৰিছিল যদিও বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। সেয়েহে উপায়ন্তৰ হৈ গুৱাহাটী বশিষ্ঠস্থিত পূৱ কামৰূপ বন সংমণ্ডল প্ৰাধিকৰণ বিষয়ালৈ এক পত্ৰ প্ৰেৰণ কৰে। লগতে তিনি সচেতন ব্যক্তিয়ে বনবিভাগৰ তৰপৰ পৰা উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
আনহাতে স্থানীয় লোকেসকলেও সন্ধিয়া সংৰক্ষিত বনাঞ্চলত সন্দেহজনক লোক প্ৰৱেশ কৰা বুলি জনায়। কিন্তু কি কাৰণত সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰে সেইবোৰ ভালদৰে চোৱাচিতা কৰাৰ লগতে যি সমূহ বিত আছে সেই বিতৰ বিষয়া সকলোক নিৰ্দেশ দিবলৈ পত্ৰখনত উল্লেখ কৰে। লগতে নালাপাৰা শুকুবেৰীয়া বিতৰ বিষয়া সকলক নিশা দহ বজাৰ পিছত বন্যহস্তীৰ জাক আহিলে খেদিবলৈ ৰাইজে বিচাৰি যোগাযোগ কৰিও কোনো ধৰণৰ সহাৰি নোপোৱা বুলি অভিযোগ উত্থাপন কৰিছে। গতিকে এই সন্দৰ্ভত গুৱাহাটী বশিষ্ঠস্থিত পূৱ কামৰূপ বন সংমণ্ডল প্ৰাধিকৰণ বিষয়াক বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰিবলৈ আহ্বান জনাই তিনিজন সচেতন ব্যক্তিয়ে।