গহপুৰৰ বৰঙাবাৰীৰ পৰা শনিবাৰে নিশা চুৰি হোৱা টাটা যোদ্ধা মালবাহী গাড়ী(এএছ ১২ চি চি ২৫১৪)খন দেওবাৰে পুৱা উদ্ধাৰ হোৱাৰ পিছত সোমবাৰে পুনৰ বৰঙীবাৰীলৈ লৈ অহা হয়। কাৰ্বি আংলং জিলাৰ খটখটী আৰক্ষী থানাৰ অন্তৰ্গত ডিমাপুৰ সীমান্তৰ সমীপত বাহনখন উদ্ধাৰ কৰে আৰক্ষীয়ে।
গহপুৰৰ বৰঙাবাৰীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী শংকৰলাল আগৰৱালাৰ ঘৰৰ চৌহদৰ পৰা শনিবাৰে নিশা টাটা যোদ্ধা বাহনখন চুৰি হৈছিল। আৰ জি এন ইণ্ডাষ্ট্ৰীৰ নামত থকা স্বত্বাধিকাৰী মোহন(সঞ্জু) আগৰৱালাৰ উক্ত গাড়ীখন চুৰিৰ সমগ্ৰ ঘটনা চি চি টিভিত আবদ্ধ হয়। চি চি টি ভিৰ ভিডিঅ’ আৰু বাহনখনত লগাই থোৱা জি পি এছৰ তথ্যৰ ভিত্তিত কাৰ্বিআংলং জিলাৰ খটখটী আৰক্ষী থানাৰ সহায়ত আৰক্ষীয়ে ডিমাপুৰ সীমান্তত গাড়ী খন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে উক্ত গাড়ী চুৰি কাণ্ডৰ লগত জড়িত নগাঁও জিলাৰ চামগুৰী আৰক্ষী থানাৰ অন্তৰ্গত কানুৱামাৰীৰ ওমৰ আলী আৰু শোণিতপুৰ জিলাৰ ঢেকীয়াজুলী আৰক্ষী থানাৰ অন্তৰ্গত গাভৰুপাৰাৰ আজগৰ আলীক গ্ৰেপ্তাৰ কৰা হৈছে। সম্প্ৰতি ঘাঁহিগাঁও আৰক্ষী চকীৰ জিন্মাত আছে গাড়ী চোৰ দুজন।