কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে বিএছএফ, চি আৰ পি এফ আৰু আৰক্ষীৰ অভিযান। দুটা পৃথক অভিযানত ৪৩ হাজাৰ য়াবা টেবলেট জব্দ কৰিছে অভিযানকাৰী দলে। ইয়াৰে ৰামনগৰ বাইপাছত বিএছএফ আৰু তাৰাপুৰ আৰক্ষীৰ অভিযানত ৩০ হাজাৰ টেবলেট জব্দ কৰা হয়।
উক্ত টেবলেট বিক্ৰী কৰিবলৈ আনোতে জব্দ কৰে আৰক্ষীয়ে। তদুপৰি ঘটনাৰ সন্দৰ্ভত দুজন লোককো আটক কৰিছে। আটকাধীন ধৃত লোক দুজনৰ নাম মজিবুৰ ৰহমান আৰু চাহাৰুল ৰহমান। আনহাতে জব্দ কৰা বাহনকেইখনৰ নম্বৰ এএছ-০১ডি-৪৭৮৮, এএছ-১১এছ-২৭০৩ আৰু এএছ-১১ডব্লুউ-০৪৯৭।
উল্লেখ্য যে, আন এক অভিযানত কালাইন আৰক্ষী আৰু চিআৰপিএফয়ে ধূমকৰৰ পৰা জব্দ কৰে ১৩ হাজাৰ য়াবা টেবলেট। টেবলেটৰ সৈতে তিনিজন লোকক আটক কৰা হয়। ধৃত লোক কেইজন- জাবিৰ হুছেইন, ৰিজুল আহমেদ আৰু চাহিন আহমেদ বৰভুঞা। দুয়ো স্থানত জব্দ কৰা টেবলেটৰ মূল্য প্ৰায় ৮.৫ কোটি টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে।