বিগত তিনিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষূণৰ বাবে গুৱাহাটী মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল কৃত্ৰিম বানৰ কৱলত পৰিছে । আনকি বানৰ বাবে বিখ্যাত অনিল নগৰ, নবীন নগৰ, ৰাজগড়ৰ এক বিস্তীৰ্ণ অঞ্চল বিগত দুদিন ধৰি কৃত্ৰিম বানৰ কৱলত পৰিছে। আনকি বৃহত্তৰ অঞ্চলটোৰ বেচিভাগ পথ, উপ পথ, আৰু আৱাসিক এলেকাত এফুটৰ পৰা দুই – তিনি ফুট পৰ্যন্ত পানী উঠাত ৰাইজ জলবন্দী হবলগীয়া হয়।
পুৱাৰে পৰা ৰাজ্য চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এছ ডি আৰ এফৰ ফালৰ পৰা কেবাখনো মটৰবোট লৈ বহু বাসিন্দাক উদ্ধাৰ কৰা হয় যদিওঁ কামৰূপ মহানগৰ জিলা প্ৰশাসনে দুপৰীয়া উদ্ধাৰ অভিযান ক্ষিপ্রতৰ কৰাৰ বাবে গুৱাহাটীৰ আজাৰা পাটগাঁওস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ NDRF ক আমন্ত্ৰণ কৰে। তাৰ পাছত এন ডি আৰ এফৰ কমাডেণ্টৰ নিৰ্দেশ ক্ৰমে গুৱাহাটীৰ উজাবজাৰৰ নদী ঘাটৰ পৰা উপ পৰিদৰ্শক পংকজ ভগতৰ নেতৃত্বত এটা আৰ্বান ফ্লাড ৰেছকিঁউ অপাৰেচন টীম আহি জিলা প্ৰশাসন আৰু এছ ডি আৰ এফৰ দলটোক উদ্ধাৰ অভিযানত সহযোগিতা আগবঢ়ায়।
বিয়লি এক বজাৰ পৰা সন্ধিয়া ছয় বজালৈ অনিল নগৰত NDRFৰ দলটোৱে জলবন্দী হৈ থকা দুজন পুৰুষ আৰু দুজনী মহিলাক নিৰাপদে উদ্ধাৰ কৰে। যত এজনী গৰ্ভৱতী মহিলাও অাছিল। আনহাতে দলটোৱে তাত দুৰ্গত ৰাইজক ২,০০০ হাজাৰটা খোৱা পানীৰ বটল, বিস্কুট ১,২০০ পেকেট, ব্ৰেড ১,০০০ পেকেট আৰু নিশাৰ বাবে ৫০০ মমবাতি বিতৰণ কৰে।