NCPৰ অধ্যক্ষ শাৰদ পাৱাৰে বৃহস্পতিবাৰে কয় যে, অজিত পাৱাৰ কেতিয়াও মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হ’ব নোৱাৰে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে, দেশৰ ৭০ শতাংশ ৰাজ্যত বিজেপিৰ শাসন নাই আৰু মহাৰাষ্ট্ৰতো ক্ষমতা হেৰুৱাব।
অজিত পাৱাৰ সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে, অজিত পাৱাৰ কেৱল সপোনতহে মুখ্যমন্ত্ৰী হ’ব। উল্লেখ্য যে, চলিত বৰ্ষৰ জুলাই মাহত শাৰদ পাৱাৰৰ ভতিজাক অজিত পাৱাৰে NCPৰ পৰা বিচ্চিন্ন হৈ শিৱসেৱা-বিজেপি চৰকাৰৰ লগত লগ হৈছিল। তেওঁ বিশ্বাস ব্যক্ত কৰে যে ২০২৪ চনৰ নিৰ্বাচনৰ পিছত মহা বিকাশ আগদী (এমভিএ) মহাৰাষ্ট্ৰত ক্ষমতালৈ আহিব। পাৱাৰৰ এনে মন্তব্যৰ পাছতে NCPৰ দুটা গোটৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনচিপিৰ সাংসদ সুপ্ৰিয়া চুলে কয় যে যদি অজিত পাৱাৰ মুখ্যমন্ত্ৰী হয়, তেন্তে তেওঁৱেই প্ৰথমে শুভেচ্ছা জনাব। লগতে কয় যে অজিত পাৱাৰৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন সপোন হৈ থাকিব, সেয়া পূৰণ নহ’ব।
আনহাতে অজিত পাৱাৰ সমৰ্থিত বিধায়ক অমল মিটকাৰীয়ে কয়, ৰাজনৈতিক বিশ্লেষকসকলে শৰদ পাৱাৰৰ বিষয়ে কয় যে পাৱাৰ সদায় বিপৰীত কথা কয়।