টাটা পাৱাৰ গ্ৰুপ কোম্পানী আৰু টাটা পাৱাৰ ইভি চাৰ্জিং ছলিউচন লিমিটেডে (টিপিইভিচিএছএল) টাটাৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ জৰিয়তে বৈদ্যুতিক বাহনৰ পৰিৱেশ তন্ত্ৰ বৃদ্ধিৰ লক্ষ্যৰে অসম চৰকাৰলৈ সহযোগিতা আগবঢ়াইছে ৷ কাইলৈ ১৪ অক্টোবৰত পাৱাৰ ইভি চাৰ্জিং ছলিউচনছ লিমিটেড আৰু অসম চৰকাৰৰ পৰিবহণ বিভাগ এই সন্দৰ্ভত খানাপাৰাস্থিত পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত মিলিত হ’ব। উল্লেখ্য যে, এই পদক্ষেপে সদাব্যস্ত গুৱাহাটী মহানগৰীত ইভি চাৰ্জিং আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিশেষ সুবিধা আগবঢ়াব। এই পদক্ষেপৰ অংশ হিচাপে টাটা পাৱাৰে চহৰৰ ভিতৰত পাইলট প্ৰজেক্ট হিচাপে ১০টা গুৰুত্বপূৰ্ণ স্থানত ১০টা উন্নত ইভি চাৰ্জাৰৰ নেটৱৰ্ক স্থাপন কৰিবলৈ সাজু হৈছে ৷
ইভি চাৰ্জাৰৰ এই নেটৱৰ্কে ব্যস্ততম পথসমূহত বাহনৰ ব্যৱহাৰ বৃদ্ধিৰ সম্ভাৱনাৰ পথ প্ৰশস্ত কৰিব, যিয়ে অসমৰ বহনক্ষম নগৰ উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ দৃষ্টিভংগীৰ সৈতে মিল থকা বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা দিনবোৰত গ্ৰহণ কৰা পদক্ষেপৰ সাকাৰ ৰূপ দিয়াত সহায় কৰিব। এই অংশীদাৰিত্বই অসমৰ বাবে এক স্বচ্ছ আৰু অধিক সুন্দৰ ভৱিষ্যত বাস্তৱায়িত কৰাতো উল্লেখযোগ্য পদক্ষেপৰ ইংগিত দিয়ে। উল্লেখ্য যে, কাইলৈৰ অনুষ্ঠানতে এটা পথ সুৰক্ষা মোবাইল এপ আৰু এটা কৃত্ৰিম বুদ্ধিমত্তা সক্ষম হোৱাটছএপ ভিত্তিক “পথ সুৰক্ষা সহযোগী” অসমৰ মাননীয় পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুকলি কৰিব৷ য’ত নাগৰিকসকলে পথ সুৰক্ষা সম্পৰ্কীয় অভিযোগ পঞ্জীয়ন কৰিব পাৰিব চমু বিৱৰণৰ সৈতে চুটি ভিডিঅ’ আপলোড কৰি ৷ যাতে সংশ্লিষ্ট কৰ্তৃপক্ষই অভিযোগসমূহ শুধৰণি বা সমাধান কৰিব পাৰে। পথ সুৰক্ষাৰ মুখ্য সংস্থাই সকলো অভিযোগ নিৰীক্ষণ কৰিব আৰু নিজ নিজ কৰ্তৃপক্ষৰ সৈতে ভাগ-বতৰা কৰিব। প্ৰতিজন নাগৰিকে নিজৰ অভিযোগসমূহ এটা একক ৰেফাৰেন্স আইডিৰ জৰিয়তে অনুসৰণ কৰিব পাৰিব, যিটো প্ৰতিটো অভিযোগৰ বাবে সৃষ্টি কৰা হ’ব। উল্লেখ্য যে, এই প্ৰযুক্তিগত পদক্ষেপে ৰাজ্যত পথ সুৰক্ষাৰ সজাগতাৰ লগতে পথ দুৰ্ঘটনা আৰু মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত উন্নত গতি প্ৰদান কৰিব। এই কাৰ্যসূচীৰ পিছতে কাইলৈ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত এটা অত্যাধুনিক সভাগৃহ উদ্বোধন কৰিব৷