ভাৰত চৰকাৰে পদপথৰ বিক্ৰেতাসকলৰ বাবে শুভাৰম্ভ কৰা ক্ষুদ্ৰ ঋণ আঁচনি-পিএম স্বনিধিয়ে ‘সমাৱেশী উদ্যোগীকৰণ’ক প্ৰসাৰিত কৰাত সহায় কৰাৰ লগতে আৰু লিংগ সমতাকাৰী হিচাপে প্ৰমাণিত হৈছে। পিএম-স্বনিধিৰ অৰ্থ হ’ল পিএম ষ্ট্ৰীট ভেণ্ডৰছ আত্মনিৰ্ভৰ নিধি।
২০২০ চনৰ ১ জুনত ক’ভিড-১৯ মহামাৰীৰ সময়ত আৰম্ভ কৰা আঁচনিখনৰ জৰিয়তে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে যোগ্য পদপথৰ বিক্ৰেতাসকলক ৫০,০০০ টকা পৰ্যন্ত বন্ধকীমুক্ত ঋণ প্ৰদান কৰে। ইয়াত তিনিটা শাখাত ঋণ প্ৰদান কৰা হয়৷ প্ৰথম শাখাত ১০,০০০ টকা, প্ৰথম শাখাৰ ঋণ পৰিশোধৰ পাছত দ্বিতীয় শাখাত ২০,০০০ টকা আৰু দ্বিতীয় ঋণ পৰিশোধ কৰাৰ পাছত তৃতীয় শাখাত ৫০,০০০ টকা ঋণ প্ৰদান কৰা হয়৷
এছ বি আইৰ শেহতীয়া এক অধ্যয়নত আঁচনিখনৰ কাম-কাজৰ প্ৰশংসা কৰা হৈছে আৰু কোৱা হৈছে যে এই আঁচনিৰ ৪৩% হিতাধিকাৰীয়েই মহিলা পদপথৰ বিক্ৰেতা। তদুপৰি, পিএম স্বনিধি হিতাধিকাৰীৰ ৪৪% অন্যান্য পিছপৰা শ্ৰেণীৰ হোৱাৰ বিপৰীতে ২২% হিতাধিকাৰী অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ৷
এছবিআৰ প্ৰতিবেদন নিজৰ ব্লগত শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আঁচনিখনৰ পৰিৱৰ্তনশীল স্বৰূপক প্ৰশংসা কৰিছে। তেওঁ কয়, “ভাৰতীয় ষ্টেট বেংকৰ সৌম্যকান্তি ঘোষৰ এই গভীৰ গৱেষণাই পিএম স্বনিধিৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ এক অতি স্পষ্ট ছবি দাঙি ধৰিছে। ইয়াত এই আঁচনিৰ সমাৱেশী স্বৰূপটো লক্ষ্য কৰা হৈছে আৰু ইয়াৰ ফলত সমাজৰ প্ৰান্তীয় লোকসকলৰ আৰ্থিক সবলীকৰণ কেনেদৰে হৈছে সেই বিষয়ে আলোকপাত কৰা হৈছে”।
এই আঁচনিৰ অধীনত নিয়মীয়াকৈ ঋণ পৰিশোধ কৰা সকলক ৭ শতাংশ সুতৰ ৰাজসাহায্যৰে উদ্গনি যোগোৱাৰ লগতে ডিজিটেল লেনদেনক বছৰি ১২০০টকা পৰ্যন্ত কেছবেকেৰে পুৰস্কৃত কৰা হয়।
পিএম-স্বনিধি আঁচনিৰ ডেচব’ৰ্ড অনুসৰি ২০২৩ চনৰ ২৬ অক্টোবৰলৈকে প্ৰথম শাখাত ৫৭.২০ লাখ, দ্বিতীয়শাখাত১৫.৯২ লাখ আৰু তৃতীয়শাখাত১.৯৪ লাখ ঋণ অনুমোদন জনোৱা হৈছে।
প্ৰতিবেদন অনুসৰি প্ৰথম শাখাৰ ঋণ ১০,০০০ টকা পৰিশোধ কৰি দ্বিতীয় শাখাৰ২০,০০০ টকাৰ ঋণ লোৱা লোকৰ অনুপাত ৬৮%। সেইদৰে ২০,০০০ টকাৰ দ্বিতীয় শাখাৰ ঋণ পৰিশোধ কৰি ৫০,০০০ টকাৰ তৃতীয় শাখাৰ ঋণ লোৱা লোকৰ অনুপাত ৭৫%৷ ইয়াৰ পৰা ক্ষুদ্ৰ আৰু প্ৰান্তীয় পদপথৰ ব্যৱসায়ী সকলৰ মাজত আৰ্থিক অনুশাসনৰ ইংগিত পোৱা যায়। বৰ্তমানলৈকে বেংকসমূহে এই আঁচনিৰ অধীনত ৯,১৫২ কোটি টকাৰ ঋণ প্ৰদান কৰিছে।
ঋণ অনুমোদনৰ ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ বেংকসমূহে (পিএছবি) অগ্ৰণী ভূমিকা পালন কৰিছে। এই আঁচনিৰ অধীনত ঋণ প্ৰদান কৰা পিএছবি সমূহৰ ভিতৰত ভাৰতীয় ষ্টেট বেংকে (এছবিআই) মুঠ ঋণৰ ৩১% প্ৰদান কৰিছে৷ ইয়াৰ পিছতে ক্ৰমে বেংক অৱ বৰোদা ৩১%, ইউনিয়ন বেংক অৱ ইণ্ডিয়া ১০%আৰু পঞ্জাব নেচনেল বেংকে ৮% ঋণ প্ৰদান কৰিছে৷
পিএম স্বনিধিৰ ডেচব’ৰ্ড অনুসৰি প্ৰায় ৫.৯ লাখ ঋণ গ্ৰহণকাৰী ৬খন মহানগৰত আছে আৰু ৭.৮ লাখ ঋণগ্ৰহণকাৰী শীৰ্ষ ১ কোটিতকৈ অধিক জনসংখ্যা থকা চহৰৰ৷ পিএম স্বনিধি একাউণ্টধাৰী থকা চহৰসমূহৰ ভিতৰত আহমেদাবাদত সৰ্বাধিক ১,৩৭,৫১৬ জন৷ ইয়াৰ পিছতে আছে লক্ষ্ণৌ (১,৩৫,৫৮১), ইন্দোৰ (১,১২,০১৫), কানপুৰ (১,০৯,৯৫২) আৰু মুম্বাই (৯৯,২০৯)। সক্ৰিয় ব্যয়কাৰীৰ শতাংশৰ ক্ষেত্ৰত বাৰাণসীয়ে শীৰ্ষ প্ৰদৰ্শন কৰিছে, য’ত মুঠ ব্যয়কাৰীৰ ৪৫% সক্ৰিয়৷ ইয়াৰ পিছতে আছে ক্ৰমে বেংগালুৰু (৩১%), চেন্নাই (৩০%) আৰু প্ৰয়াগৰাজ (৩০%)।