কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী আৰু নাই। ৮৬ বছৰত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান ৰাজনীতিক শৰৎ বৰকটকীয়ে।
১৬ অক্টোবৰৰ পৰা GMCHত চিকিৎসাধীন অৱস্থাত আছিল শৰৎ বৰকটকী। ৩০ অক্টোবৰৰ নিশা ১.৩৬ বজাত মৃত্যু হয় প্রাক্তন মন্ত্রীগৰাকীৰ। কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত শিক্ষা, লোকনিৰ্মাণকে ধৰি কেইবাটাও দপ্তৰৰ মন্ত্রী আছিল তেওঁ।