ইন্টাৰপ্ৰিনাৰ্ছশ্বিপ ডেভলপমেণ্ট ইনষ্টিটিউট অফ ইণ্ডিয়া চমুকৈ EDIIৰ গুৱাহাটীস্থিত উত্তৰ পূৱ আঞ্চলিক কাৰ্যালয়ে হংকং চাংঘাই বেংক কৰ্পৰেচনৰ (HSBC) সামাজিক দায়বদ্ধতা আঁচনিৰ আৰ্থিক সাহায্যত কামৰূপ জিলাৰ বৃহত্তৰ হাজো – শুৱালকুছি অঞ্চলৰ হস্ততাঁত আৰু বস্ৰশিল্পৰ লগত জড়িত প্ৰায় ৮০০ মহিলা শিপিনীক স্ব – নিৰ্ভৰশিল কৰাৰ লক্ষ্যৰে ২০২০ চনৰ পৰা তেওঁলোকক, দক্ষতা বিকাশ, বজাৰ প্ৰতিযোগিতা, শেহতীয়া ডিজাইন আদিৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। ইয়াৰ অংশ হিচাপে দেওবাৰে গুৱাহাটীৰ নেডফি হাউচত ই ডি আই আইৰ উত্তৰ পূব আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত দিনযোৰাকৈ এখন ক্ৰেতা – বিক্ৰেতা সন্মিলন আৰু প্ৰদৰ্শনী অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলৰে সন্মিলন আৰু প্ৰদৰ্শনী উদ্ধোধন কৰে বি টি আৰৰ ৰেচম বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া , অসম গৌৰৱ যোগেশ দেউৰীয়ে। আনহাতে এই উপলক্ষে EDIIৰ গুৱাহাটীস্থিত উত্তৰ পূব আঞ্চলিক কাৰ্যালয়ৰ সহকাৰী ফেকাল্টি ডঃ ৰিংকু দাসৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ লগত সংগতি ৰাখি এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়।
“হস্ততাত – বস্ত্ৰশিল্পৰ উৎপাদিত সামগ্ৰীৰ বজাৰ, বিক্ৰী, শেহতীয়া ডিজাইন” আদি বিষয়ক আলোচনা চক্ৰত আলোচক হিচাপে উপস্থিত থাকে ক্ৰমে – শিপিনী সেৱা কেন্দ্ৰৰ পূৱ মণ্ডলৰ সঞ্চালক এছ বন্দপাধ্যায়, অসম গৌৰৱ যোগেশ দেউৰী, উত্তৰ পূব হস্ততাত সামগ্ৰী উন্নয়ন নিগমৰ উপদেষ্টা ডঃ শ্ৰিপৰ্ণা বি বৰুৱা, আভা ক্ৰিয়েচন চছিয়েল ইম্পেক্ট ফাউণ্ডেশ্যনৰ অধ্যক্ষা অনু মণ্ডল আৰু এ আৰ আই এ এছৰ বিশেষজ্ঞ নীতিন সিং। আনহাতে পৰিচালন পৰামৰ্শদাতা সত্যেন্দ্ৰ মাধৱ মহন্তই আঁত ধৰা অনুষ্ঠানটোত আটাইকেইগৰাকী আলোচকে সন্মিলন আৰু প্ৰদৰ্শনীত ভাগ লোৱা নিৰ্বাচিত আঠোটা শিপিনী ইউনিটক বৰ্তমানৰ প্ৰতিযোগিতামুলক বজাৰখনত তিষ্ঠি থাকিবলৈ হলে কৰি হস্ততাত – বস্ত্ৰশিল্পৰ ক্ষেত্ৰখনত ডিজাইনকে ধৰি কেনে ধৰণৰ আধুনিক পদ্ধতি অৱলম্বন কৰিব লাগিব তাৰ বিশদ আলোকপাত কৰে। আনহাতে ই ডি আই আইৰ ডঃ ৰিংকু দাসৰ বিশেষ তদাৰকতাত আয়োজিত সন্মিলন আৰু প্ৰদৰ্শনীত অসমকে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্যৰ প্ৰায় ৪০ গৰাকী ক্ৰেতা উপস্থিত থাকি ভাগ লোৱা আঠোটা শিপিনী ইউনিটৰ মহিলা শিপিনী সকলৰ সৈতে মত – বিনিময় কৰাৰ লগতে তেওঁলোেকৰ উৎপাদিত সামগ্ৰী ক্রয় কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে।
উল্লেখযোগ্য যে সন্মিলন আৰু প্ৰদৰ্শনীত জুৰিমণি দাস, মিতালী দাস, পাৰুল দাস, কল্পনা দাস, ভানুশ্ৰী তালুকদাৰ, গংগাৰাণী দাস, কল্পনা দাস, সবিতা দাস, ৰিংকু কলিতা পাটোৱাৰী, মিতালী কলিতাৰ শিপিনী ইউনিটৰ হস্ততাঁতত উৎপাদিত মেখেলা, চাদৰ, গামোচা আদি প্ৰদৰ্শন কৰা হয়।