গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত অসম ডনবস্কো বিশ্ববিদ্যালয়ে সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ অধ্যক্ষ, অধ্যাপক টি জি সীতাৰাম আৰু টাইৱানৰ শিক্ষা মন্ত্রালয়ৰ উপস্থিতিত ৰবিবাৰে নতুন দিল্লীৰ গ্রেণ্ড হোটেলত টাইৱানৰ ৫ খন বিশ্ববিদ্যালয়ৰ সৈতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। এই কাৰ্যসূচীত অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ উপাচার্য ফাডাৰ ডঃ জোচ পালেলী আৰু অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক আৰু অণুবিদ্যুৎ অভিযান্ত্রিক বিভাগৰ মুৰব্বী, সহযোগী অধ্যাপক তথা আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষৰ (Internal Quality Assurance Cell) সমন্বয়ক ডঃ বিক্রমজিৎ গোস্বামীয়ে অংশগ্রহণ কৰে। অনুষ্ঠানত সকলো প্ৰতিনিধিৰ সন্মুখত ডঃ গোস্বামীয়ে অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ সকলো দিশ সামৰি বক্তৃতা প্ৰদান কৰে।
কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ সৈতে মিলি সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদে আয়োজন কৰা এই টাইৱানৰ শিক্ষা মন্ত্রালয়ৰ সদস্য, টাইৱানৰ এঘাৰখন বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি, ভাৰতৰ চল্লিশখনতকৈও অধিক বিশ্ববিদ্যালয়ৰ উপাচার্য আৰু ভাৰতৰ উচ্চ শিক্ষানুষ্ঠানৰ মুৰব্বীসকলে অংশগ্ৰহণ কৰে। ভাৰতৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ প্ৰতিনিধিসকলে টাইৱান বিশ্ববিদ্যালয়সমূহৰ সৈতে সহযোগিতা আৰু অংশীদাৰিত্বৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ অধ্যক্ষ অধ্যাপক টি.জি. সীতাৰাম তথা ভাৰত চৰকাৰৰ শিক্ষা মন্ত্রালয়ৰ পদক্ষেপক প্রশংসনীয় হিচাপে উল্লেখ কৰে। এই বুজাবুজি চুক্তিসমূহে ছাত্র-ছাত্রী আৰু অধ্যাপকসকলক যুটীয়া ডিগ্রী, ইন্টার্ণশ্বিপ, অধ্যাপকৰ প্ৰশিক্ষণ আৰু যৌথ গৱেষণা আৰু কেম্পাছ বিনিময় কাৰ্যসূচীৰ ক্ষেত্ৰত সহায় কৰিব। অসম ডনবস্কো বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় চি নান বিশ্ববিদ্যালয়, ইউয়ান জে বিশ্ববিদ্যালয়, এছিয়া বিশ্ববিদ্যালয়, কুন শ্বান বিশ্ববিদ্যালয় আৰু টাইৱানৰ ৰাষ্ট্ৰীয় কাওছিং বিজ্ঞান আৰু প্রযুক্তি বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।