পশ্চিম গুৱাহাটীৰ ৰানী কৃষি উন্নয়ন খণ্ডত ২১ নবেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণ শিবিৰৰ অলপতে সামৰণি পৰে।
উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয় আৰু লুইত শিক্ষা সেৱা প্ৰাইভেট লিমিটেডৰ সহযোগত অনুষ্ঠিত হোৱা শিবিৰৰ সামৰণি অনুষ্ঠানত যুটীয়া সঞ্চালক মধুৰাম পাটিৰী, জিলা কৃষি বিষয়া ধীৰেন্দ্ৰ নাথ কাৰ্জী, জেষ্ঠ কৃষি বিষয়া উৎপল দত্ত, ৰাণী আঞ্চলিক পঞ্চয়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন, প্ৰশিক্ষক হোমেশ্বৰ কলিতা, ৰাণী কৃষি খণ্ডৰ কৃষি উন্নয়ন বিষয়া বৰ্ণালী মেধী, কৃষি সম্প্ৰসাৰণ সহায়ক অচ্যুত বৰ্মন উপস্থিত থাকে। অনুষ্ঠানত শিবিৰত ভাগ লোৱাটো প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ আৰু বিভিন্ন ফলমুলৰ বীজ , সা সামগ্রী বিতৰণ কৰা হয় ।