দীৰ্ঘদিন শাৰীৰিক অসুস্থতাৰে যুঁজি অৱশেষত অচিন দেশলৈ যাত্ৰা কৰিলে জনপ্ৰিয় সংগীতশিল্পী অৰুণ দাস। আজি পুৱতি নিশা ৪-৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰিলে জনপ্ৰিয় শিল্পীগৰাকীয়ে।
হাতত গীটাৰখন লৈ তেওঁ মঞ্চত উঠিলেই দৰ্শকৰ মাজত হৰ্ষোল্লাস হৈছিল। অসমীয়া সংগীত জগতৰ নব্বৈৰ দশকৰ ‘লিজেণ্ড অৱ নাইন্টি’ আছিল তেওঁ। এইগৰাকী মহান শিল্পীৰ বিয়োগ অসমীয়া জাতিৰ বাবে অপূৰণীয় ক্ষতি।