ৰাজ্যত পুনৰ ৪০ লাখ নতুন ৰেচন কাৰ্ড বিতৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। অহা ১৬ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ অসমৰ প্ৰতিখন জিলাতে এই নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব। সিদিনা ৰাজ্যৰ প্ৰতিটো সমষ্টিতে মন্ত্ৰী আৰু বিধায়কসকলে এই ৰেচন কাৰ্ড বিতৰণ কৰিব। ১৬ জানুৱাৰীত কাছাৰ জিলাত ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰিব মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। ১৯ জানুৱাৰীত কাছাৰৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে জিলাখনত ৰেচন কাৰ্ড বিতৰণ কৰিব।
As Guardian Minister of Cachar district, I held a comprehensive review meeting to oversee the distribution of the new ration cards scheduled to commence from 16th of January. More than 2 lakh beneficiaries from Cachar district will benefit from this welfare initiative.
Also… pic.twitter.com/7LeENywsHB
— Jayanta Mallabaruah (Modi Ka Parivar) (@jayanta_malla) January 5, 2024
কাছাৰ জিলাত ২ লাখ ১৪ হাজাৰ দুখীয়া পৰিয়ালে এই নতুন ৰেচন কাৰ্ড লাভ কৰিব। দুদিনীয়া বিভিন্ন চৰকাৰী কাৰ্যসূচী লৈ শুক্ৰবাৰে বৰাকত উপস্থিত হোৱা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কাছাৰ জিলা আয়ুক্তৰ কাৰ্যলয়ত অনুষ্ঠিত খাদ্য আৰু যোগান বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশ লৈ এই কথা সদৰি কৰে।