বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ঐতিহাসিক জোনবিল মেলা। জাগীৰোডৰ সমীপৰ জোনবিলৰ পাৰত প্ৰাচীন গোভা ৰাজ্যৰ পৰম্পৰা অনুসৰি পৰম্পৰাগত ৰজাৰ নিৰ্দেশতে বহা জোনবিল মেলাত পাহাৰ- ভৈয়ামৰ লোকৰ মাজত বিনিময় প্ৰথাৰ প্ৰচলন আছে। মাঘ বিহুৰ পিছৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই মেলাৰ পৰম্পৰা অনুসৰি বৃহস্পতিবাৰে পুৱা দেউশালত পূজা-অৰ্চনা কৰাৰ পিছত আমতি আমত পূজা অৰ্চনা কৰা হয়।
তাৰ পিছতে জোনবিল মেলা থলীত বন্তি প্ৰজ্বলন কৰে গোভা দেউৰজা জোনবিল মেলা উন্নয়ন সমিতিৰ সভাপতি সোনেশ্বৰ দলৈয়ে। মেলাথলীত পতাকা উত্তোলন কৰে গোভা দেউৰজা দ্বীপসিং দেউৰজাই। দুপৰীয়া গোভাৰজাই প্ৰীতিভোজ খোৱাৰ পিছতে মেলাথলীলৈ আগমন ঘটে পাহাৰৰ লোকসকলৰ। বিয়লি উত্তৰ-পূব সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা জোনবিলত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
শুক্ৰবাৰে পুৱাৰে পৰা আৰম্ভ হ’ব লগা পাহাৰ- ভৈয়ামৰ সম্প্ৰীতিৰ বিনিময় প্ৰথা মুকলি কৰিব মৰিগাওঁ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে জোনবিলত সমূহীয়া মাছ মৰা পৰ্ব আৰম্ভ হ’ব। এই অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে কেইবাগৰাকী মন্ত্ৰী, বিধায়ক, তিৱা স্বায়ত্ত্ব পৰিষদৰ বিষয়ববীয়াসকলৰ লগতে তিৱা সমাজৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। নিশা অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান।