ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিগত ১৬ জানুৱাৰীত গুৱাহাটীৰ মালিগাঁও বৰিপাৰাৰ তৰুণ সংঘ পুথিভঁৰাল খেলপথাৰত আয়োজিত এক অনুষ্ঠানত ৰাজ্যজুৰি ৪২,৮৫,৭৪৫ গৰাকী নতুন হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত অহা ২৫ জানুৱাৰীলৈকে সমষ্টি, গাওঁ পঞ্চায়ত আৰু ৱাৰ্ড ভিত্তিত চলি আছে ৰেচন কাৰ্ড বিতৰণ কাৰ্য্যসূচী। ইয়াৰ অংশ হিচাপে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৩২ নং নম্বৰ ধাৰাপুৰ গাঁও পঞ্চায়তত ৰবিবাৰে নতুনকৈ অন্তৰ্ভুক্ত হোৱা প্ৰায় ৩৪৬ গৰাকী মহিলা হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰা হয়।
এই উপলক্ষে ধাৰাপুৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত এক অনুষ্ঠানত হিতাধিকাৰী মহিলা সকলৰ মাজত ৰেচন কাৰ্ড সমুহ বিতৰণ কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ধাৰাপুৰ গাঁও পঞ্চায়তৰ সভাপতি শৈলেন কলিতাই। কেবাগৰাকী বিশিষ্ট লোকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটোৰ আৰম্ভণিতে ধাৰাপুৰ গাঁও পঞ্চায়তৰ সচিব চফীক আলী মিৰ্জাই উপস্থিত সকলো মহিলা হিতাধিকাৰীক আদৰণি জনাই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে। হিতাধিকাৰী সকলৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰি বিধায়ক কলিতাই চমু ভাষণত ৰেচন কাৰ্ড লাভ কৰা মহিলা সকলক কাৰ্ডখনৰ দ্বাৰা চৰকাৰৰ পৰা কি কি সুবিধা লাভ কৰিব পাৰি তাৰ বাখ্যা দাঙি ধৰে। অনুষ্ঠানটোত ধাৰাপুৰ গাঁও পঞ্চায়ত ৰ সদস্য সকল উপস্থিত থাকে ।