সীমান্ত নিৰাপত্তা বাহিনীৰ (বি এছ এফ ) আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত থকা কম্পজিট হস্পিতালত অলপত এটা বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। শিবিৰত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত থকা বাহিনীটোৰ বিষয়া – জোৱান আৰু প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনী (এন ডি আৰ এফ )ৰ বিষয়া – জোৱান আৰু তেঁওলোকৰ পৰিয়ালৰ বহু সদস্য – সদস্যাই ভাগ লয়।
আনহাতে কেবাজনো উচ্চপদস্থ বিষয়া, চিকিৎসকৰ উপস্থিতিত অনুষ্ঠিত শিবিৰটো মুকলি কৰে বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহিলা কল্যাণ সন্থাৰ সভানেত্ৰী ভাৱনা যাদৱে। শিবিৰত গুৱাহাটী ফ্ৰন্টিয়াৰ চৌহদৰ ৰোগ চিনাক্ত হোৱা ৫৯ জন পৰিয়ালৰ বি এছ এফ আৰু এন ডি আৰ এফৰ ৫৯ জন লোকক বিনামূলীয়াকৈ ঔষধ আৰু ৰোগ প্ৰতিৰোধ বিষয়ক পৰামৰ্শ আগবঢ়োৱা হয়।