ৰাজ্যৰ অগ্ৰণী সামাজিক , সাংস্কৃতিক অনুষ্ঠান `জোনাকী বাটেৰে’ অসমৰ উদ্যোগত গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ২৬ জানুৱাৰীত গুৱাহাটীৰ বামুণীমৈদাম গণেশ নগৰস্থিত `গণ সাৰথি’ বৃদ্ধশ্ৰমৰ আবাসী সকলৰ মাজত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষাৰ দিহা কৰা হয়। ডাঃ বিমল শৰ্মাৰ তত্বাবধানত অনুষ্ঠিত শিবিৰত ২৮ গৰাকী ককা আইতাৰ সাধাৰণ স্বাস্থ্য পৰীক্ষা আৰু ডাঃ নিলোৎপল শৰ্মাৰ তত্বাবধানত চকু পৰীক্ষা কৰা হয়। গণৰাজ্য দিৱসৰ মাহেন্দ্র ক্ষনত `জোনাকী বাটেৰে’ অসমৰ সদস্য/সদস্যা সকলে বৃদ্ধ আবাসী সকলৰ বাবে দূপৰীয়া এসাজ মাছ ভাতৰ আয়োজন কৰাৰ লগতে তেওঁলোকৰ প্ৰয়োজনীয় যাৱতীয় ৰেচন তথা অন্যান্য সা-সামগ্ৰীৰো যোগান ধৰে। অনুষ্ঠানৰ কৰ্মকৰ্তা সকলে ককা-আইতাহঁতৰ মাজত বিভিন্ন মিঠাই আদি বিতৰণ কৰি ভাৱ বিনিময় কৰে। লগতে ককা-আইতাহঁঁতেও নাম গাই, বিহু গাই গণৰাজ্য দিৱস উদযাপন কৰে।
`জোনাকী বাটেৰে’ অসমৰ সভানেত্ৰী প্ৰণতি বৰুৱা, সম্পাদিকাদ্বয় ক্ৰমে জয়ামণি ভৰালী আৰু দিপলিপ ওজা দেৱীৰ উপৰিও মাইনু মহন্ত, ৰশ্মিৰেখা গগৈ, মিঠু মণ্ডল, মুন্নী শৰ্মা, তুলিকা ভূঞা বৰুৱা, চয়নিকা খাউণ্ড, পিংকী ডেকা, প্ৰণীতা বৰ্মন, শান্তনু গায়ন আদিকে ধৰি মুঠ ৩০ গৰাকী কৰ্মকৰ্তা উপস্থিত থাকে। উল্লেখযোগ্য যে, `জোনাকী বাটেৰে’ এক সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান আৰু এই অনুষ্ঠানে বিগত তিনি বছৰ যুৰি বিভিন্ন সামাজিক তথা সাংস্কৃতিক কামৰ লগত জড়িত হৈ আহিছে।