গুৱাহাটীৰ আন আন প্ৰান্তৰ দৰে জালুকবাৰী থানাৰ সন্মূখত থকা মালিগাঁও চাৰিআলিৰ পিয়লি ফুকন চকত জালুকবাৰী আৰক্ষী থানা আৰু থানা এলেকাৰ জালুকবাৰী কেন্দ্ৰীয় নাগৰিক সমিতিৰ যৌথ উদ্যোগত তথা থানাৰ অন্তৰ্গত সমূহ নাগৰিক কমিটি , গাঁওৰক্ষী বাহিনী, ব্যৱসায়ী সন্থা, স্বেস্বাসেৱী সংগঠনৰ সহযোগত ২৬ জানুৱাৰীত ৭৫ সংখ্যক গণৰাজ্য দিৱস বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰা হয়। পুৱা উপস্থিত দুই শতাধিক লোকৰ অভিবাদন গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে সমাজসেৱিকা নিয়তি দেই। অনুষ্ঠানটোৰ আঁত ধৰে জালুকবাৰী কেন্দ্ৰীয় নাগৰিক সমিতিৰ অধ্যক্ষ দ্বিজেন লহকৰে।
আনহাতে জালুকবাৰী থানা চৌহদত সকলোৰে অভিবাদন গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰীতুজ্যোতি নাথে। তাৰ পাছত থানাৰ অন্তৰ্গত ১১ টা ৱাৰ্ডৰ ১১ গৰাকী বিশিষ্ট জেষ্ঠ্য নাগৰিকক ১১ জন লোকে ৰাজহুৱাভাবে সম্বৰ্দ্ধনা জনোৱাৰ লগতে আশীৰ্বাদ গ্ৰহণ কৰে। এই উপলক্ষে পাণ্ডুনাথ দেৱালয় পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক নিমাই চন্দ্ৰ দাসে সঞ্চালনা কৰা সভাখনত আদৰণি ভাষণ দিয়ে দ্বিজেন লহকৰে। সভাত গুৱাহাটী পৌৰ নিগমৰ এক নম্বৰ ৱাৰ্ডৰ পাৰিষদ হুকুম চান্দ আলী বক্সি , জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰীতুজ্যোতি নাথ, সমাজকৰ্মী ক্ৰমে – ৰীনা কাজী, সুদেশ কুমাৰ জৈন (মুন্নাভাই ) , কাৰ্তিক কলিতা, নিতাই দে, আশীষ সৰকাৰ, নিৰোদ ৰায়, শিবায়ান তৰপদাৰ গোছাই , উৎপল কলিতা, অচ্যুত ৰাজবংশীকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত আছিল।