আগন্তুক ছমাহৰ ভিতৰত অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰস্তুতি আৰম্ভ কৰিছে। নিৰ্বাচন নোহোৱালৈকে পঞ্চায়তৰ দায়িত্ব অভিভাৱক মন্ত্ৰীৰ থাকিব বুলি জানিব পৰা গৈছে। ইয়াৰ বাবে শীঘ্ৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
উল্লেখ্য যে, শীঘ্ৰেই ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব অন্যথা পঞ্চদশ বিত্তীয় আয়োগৰ অনুদানৰ পৰা অসম বঞ্চিত হ’ব। সেয়ে অহা ছমাহৰ ভিতৰত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব। জানিব পৰা মতে, নিৰ্বাচনৰ পূৰ্বে প্ৰতিখন পঞ্চায়ত পুনঃগঠন কৰা হ’ব আৰু ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তক অধ্যক্ষ হিচাপে লৈ কমিটি গঠন কৰা হব। এই কমিটিৰ সদস্য সচিবৰ দায়িত্বত জিলা পৰিষদৰ CEO থাকিব। জিলাসমূহৰ পৰা প্ৰতিবেদন লাভৰ পাছতেই অধিসূচনা জাৰি কৰা হ’ব। এই অধিসূচনাৰ ভিত্তিতে নিৰ্বাচন আয়োগে ভোটাৰ তালিকা প্ৰস্তুত কৰিব। এই প্ৰক্ৰিয়া অহা ছমাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মন্তব্য কৰিছে।