মেষঃ মেষ ৰাশিসকলৰ বাবে আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ। মানসিক শান্তি থাকিব। প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। বিদ্যাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত অস্থিৰতাৰ যোগ। সাহিত্য, সংস্কৃতিৰে জড়িতসকলৰ কৰ্মত উন্নতিৰ যোগ। ৰাজনীতিকৰ কষ্টৰ যোগ। কর্মক্ষেত্ৰ আৰু আৰ্থিকত শুভ কাৰক হ’ব।
বৃষঃ বৃষ ৰাশিৰ আজি শাৰীৰিক ক্ষেত্ৰত অসুস্থতাৰ যোগ। মনলৈ হতাশা আহিব পাৰে। প্ৰেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষা লাভৰ কিছু অশান্তি থাকিব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ উৎসাহ বৃদ্ধিৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিক দিশত সামান্য লাভৱান হ’ব।
মিথুনঃ মিথুন ৰাশিৰ আজি শাৰীৰিক সুস্থতাৰ যোগ। মানসিক, প্রেম শ্ৰীতি আৰু সাংসাৰিকত শুভ কাৰক। বিদ্যার্থীয়ে প্রতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাব। শিল্পী-সাহিত্যিক, খেলুৱৈৰ ভ্ৰমণত শুভ কাৰক। আৰ্থিকত ঋণগ্রস্ত হ’ব পাৰে, বাণিজ্য আৰু কৰ্মত কিছু লাভজনক হ’ব।
কৰ্কটঃ কৰ্কট ৰাশিৰ আজি শৰীৰ দুৰ্বল আৰু অসুস্থ হ’ব পাৰে। মনৰো অশান্তি থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত অশান্তি বাঢ়িব পাৰে। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ যোগাযোগত বাধা হ’ব পাৰে। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ শুভ কাৰক। কর্মক্ষেত্র, বাণিজ্য আৰু আৰ্থিক দিশত কিছু উন্নতি হ’ব পাৰে।
সিংহঃ সিংহ ৰাশিৰ আজি শৰীৰ সম্পূৰ্ণ সুস্থ নহ’ব। মানসিক চিন্তা আৰু হতাশা বৃদ্ধি পাব। পাৰিবাৰিক আৰু প্ৰেম-প্রীতিত শুভ। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি বৃদ্ধি হ’ব পাৰে। সাহিত্যিক, শিল্পীৰ অশান্তিৰ মাজতে উন্নতিৰ যোগ। আর্থিক নাটনি হ’লেও কৰ্ম আৰু বাণিজ্যত লাভৰ কাৰক।
কন্যাঃ কন্যা ৰাশিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ যদিও মনৰ অশান্তি হ’ব পাৰে। সাংসাৰিক ক্ষেত্ৰত শুভ। অযথা চিন্তা বাঢ়িব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ ব্যস্ততাৰ মাজতো অশান্তি হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত পৰিশ্ৰম বৃদ্ধি হ’ব।
তুলাঃ তুলা ৰাশিৰ আজি শৰীৰ কিছু অসুস্থ হ’ব পাৰে। মানসিক চিন্তা বৃদ্ধি হ’ব পাৰে। প্ৰেম আৰু সাংসাৰিক ক্ষেত্ৰত শুভাশুভ মধ্যমীয়া হ’ব। বিদ্যাৰ্থীৰ মনোবল বৃদ্ধি পাব। সাহিত্য, ক্রীড়া সংস্কৃতি আৰু সমাজসেৱাৰ লগত যুক্তসকলৰ কৰ্মত বাধা হ’ব।
বৃৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজি শৰীৰ সুস্থ থাকিব পাৰিবাৰিক অশান্তিত ভুগিব পাৰে। প্রেম-প্রীতিত বিষাদ যোগ। শিক্ষাৰ্থীৰ অধ্যয়নৰ প্রতি ধাউতি বাঢ়িব। সাহিত্য-সংস্কৃতি আৰু সমাজ কৰ্মৰ লগত জড়িতসকলৰ বৌদ্ধিক বিকাশত বাধাৰ যোগ। ৰাজনীতিক আৰু সংবাদকর্মীৰ উন্নতিৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মত লাভবান হ’ব।
ধনুঃ ধনু ৰাশিৰ আজি শৰীৰৰ সুস্থতাৰ যোগ। প্রেম-প্রীতি, পাৰিবাৰিক দিশত সুখ-শান্তি লাভ। বিদ্যাৰ্থীৰ উৎসাহ হ্রাস পাব। সাহিত্য, সংস্কৃতিত জড়িত লোকৰ সুনাম লাভৰ যোগ। ৰাজনৈতিক ব্যক্তি আৰু সমাজকৰ্মীৰ সফলতাৰ যোগ। আর্থিকত অভাৱ হ’লেও বাণিজ্য আৰু কর্মক্ষেত্ৰত লাভৱান হ’ব।
মকৰঃ মকৰ বাবে আজি শৰীৰ আৰু মনৰ কিছু অশান্তি হ’ব পাৰে। প্রেম প্রীতি আৰু পাৰিবাৰিকত অশান্তি কাৰক। শিক্ষার্থীয়ে উচ্চ শিক্ষাৰ ক্ষেত্ৰত অশান্তিত ভুগিব। সাহিত্যিক, শিল্পীৰ মানসিক চিন্তা, অস্থিৰতা বাঢ়িব। ৰাজনৈতিক আৰু সামাজিক দিশত জড়িত ব্যক্তি উত্তেজিত হ’ব পাৰে। কৰ্ম, বাণিজ্য আৰু আর্থিক দিশত মধ্যমীয়া হ’ব।
কুম্ভঃ কুম্ভ ৰাশিসকলৰ বাবে আজিৰ দিনটো শাৰীৰিক ক্ষেত্রত শুভাশুভ মিশ্রিত কাৰক। মানসিক উৎসাহ বৃদ্ধিৰ যোগ। প্রেম প্ৰীতি পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি। উচ্চ বিদ্যাৰ ক্ষেত্ৰত বাধা হ’ব পাৰে। সাহিত্যিক, শিল্পীৰ মনৰ উৎসাহ বাঢ়িব। কর্ম, আর্থিক আৰু ব্যৱসায়ত সামান্য লাভবান হ’ব।
মীনঃ মীন ৰাশিৰ আজি শাৰীৰিক ক্ষেত্ৰত সুস্থতাৰ মাজতে অলপ বিষ হ’ব পাৰে। পাৰিবাৰিক আৰু প্ৰেমত অশান্তি হ’ব পাৰে। শিক্ষার্থীৰ সফলতাৰ যোগ। সাহিত্য, সংস্কৃতিত জড়িতসকলৰ কিছু লাভজনক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ ব্যস্ততা বাঢ়িব। কর্ম, বাণিজ্য আৰু আৰ্থিকত কিছু উন্নতি হ’ব।