কাজিৰঙাত আৰম্ভ হৈছে ২০২৪ বৰ্ষৰ বাঘ গণনা প্ৰক্ৰিয়া৷ অল ইণ্ডিয়া টাইগাৰ এষ্টিমেশ্চনৰ আধাৰত বিজ্ঞানসন্মত ভাৱে টাইগাৰ মনিটৰিং কেমেৰা স্থাপন কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত৷ উদ্যানখনৰ অন্তঃভাগত ৫১০ টা কেমেৰাৰ দ্বাৰা প্ৰতিটো বাঘ সুক্ষ্মভাৱে নীৰিক্ষণ কৰি গণনা কৰিব উদ্যান কৰ্তৃপক্ষই৷
দেৰমাহৰ পাছত এই কেমেৰাসমুহৰ দ্বাৰা সংগ্ৰহিত ছবিৰ জৰিয়তে চিনাক্ত কৰি বৰ্তমান কাজিৰঙাত থকা বাঘৰ সংখ্যা ঘোষণা কৰিব উদ্যান কৰ্তৃপক্ষই৷ বিগত বৰ্ষত ১০৪ টা বাঘৰ উপস্থিতি পোৱা গৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷
আগন্তুক ফলাফলত বাঘৰ উপস্থিতিৰ সংখ্যা বৃদ্ধি পাব বুলি আশাবাদী উদ্যানখনৰ সঞ্চালিকা ড° সোণালী ঘোষ৷ কিয়নো এইবৰ্ষত নতুনকৈ সংযোজিত হোৱা বিশ্বনাথ আৰু বুঢ়াচাপৰিতো কৰা হ’ব বাঘৰ গণনা৷ ইয়াৰ লগতে ২০ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ সমগ্ৰ অসমতে হাতী গণনা অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰিছে সঞ্চালিকা ড° ঘোষে ৷