আজিৰে পৰা আৰম্ভ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। এই গুৰুত্বপূৰ্ণ পৰীক্ষাটোত ৰাজ্যৰ ৮৭৭টা কেন্দ্ৰত ২লাখ ৮০হাজাৰ ২১০গৰাকী শিক্ষাৰ্থী বহিব।
বিজ্ঞান, কলা আৰু বাণিজ্য শাখাত মুঠ ২,৮০,২১৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব ৷ শিক্ষা সংসদৰ তথ্য অনুসৰি এই পৰীক্ষাত ছাত্ৰীৰ সংখ্যা ১,৪২,৭৩২ গৰাকী আৰু ছাত্ৰৰ সংখ্যা ১,৩৭,৪৮৪ গৰাকী ৷ ১২ ফেব্ৰুৱাৰীৰ পৰা ১৩ মাৰ্চলৈ অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ৷ পৰীক্ষাত যাতে কোনো বেমেজালিৰ সৃষ্টি নহয় তাৰ বাবে সকলো পৰীক্ষাকেন্দ্ৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে।