২০২৪ ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে! তেওঁক ৰাজ্যসভালৈহে প্ৰেৰণ কৰিব বিচাৰে কংগ্ৰেছ নেতৃত্বই। এনে পৰিপ্ৰেক্ষিতত ছোনিয়া গান্ধীৰ সংসদীয় সমষ্টি ৰাইবেৰলীৰ পৰা ছোনিয়া গান্ধীৰ ঠাইত তেওঁৰ কন্যা প্ৰিয়ংকা গান্ধী ভাদ্ৰাই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে।
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সূত্ৰৰ আধাৰত একাধিক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই খবৰ। চৰ্চা অনুসৰি ৰাজস্থানৰ পৰা ৰাজ্যসভালৈ যাব ছোনিয়া গান্ধী। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ এনে ৰণনীতি এতিয়া ৰাজনৈতিক বিশেষজ্ঞসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
২০১৯ ত কংগ্ৰেছৰ বিপৰ্যয়ে চূড়ান্ত পৰ্যায়ৰ সময়তো ৰাইবেৰলীত কংগ্ৰেছৰ দুৰ্গ লৰাব পৰা নাছিল বিজেপিয়ে। ইয়াৰ বিপৰীতে কিন্তু উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ আন এক দুৰ্গ আমেঠি সমষ্টিত ৰাহুল গান্ধীক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল বিজেপি নেত্ৰী স্মৃতি ইৰাণীয়ে। কংগ্ৰেছ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি ছোনিয়া গান্ধীক ৰাজস্থানৰ পৰা ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ সকলো ৰণনীতি প্ৰস্তুত হোৱাৰ বিপৰীতে কৰ্ণাটকৰ পৰা আইনজীৱি অভিষেক মনু সিঙ্ঘিক ৰাজ্যসভালৈ প্ৰেৰণ কৰিব।