উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ) ১৩ ৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ যাত্ৰীবাহী ৰেল আৰু ৰেল ষ্টেচনত চলোৱা নিয়মীয়া অনুসন্ধান আৰু অভিযানৰ সময়ত যাত্ৰীৰ সামগ্ৰী চুৰি কৰা ঘটনাৰ সৈতে জড়িত ৬ জন চোৰক চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দেই জানিবলৈ দিয়া মতে আৰ পি এফৰ অভিযানকাৰী দলে গুৱাহাটীৰ উপৰিও ডিমাপুৰ, কিষাণগঞ্জ, কাটিহাৰ, আলিপুৰদুৱাৰ, নিউ জলপাইগুড়ী আদিত ৰেল আৰু ৰেল ষ্টেচনত চোৰ কেইজনৰ পৰা প্ৰায় ৭২.৫ হাজাৰ টকাৰ মূল্যৱান সামগ্রী সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
উদ্ধাৰ হোৱা মূল্যৱান সামগ্ৰীৰ সৈতে গ্ৰেপ্তাৰ কৰা চোৰকেইজনক পৰৱৰ্তী আইনী ব্যৱস্থা গ্রহণৰ বাবে সংশ্লিষ্ট চৰকাৰী ৰেল আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত গতাই দিয়া হয়। উল্লেখ্য যে যোৱা জানুৱাৰী মাহত আৰ পি এফৰ অভিযানকাৰী দলে যাত্ৰীৰ সামগ্রী চুৰিৰ সৈতে জড়িত ৩০ জন চোৰক আটক কৰাৰ লগতে তেঁওলোকৰ পৰা ৪০ টা মোবাইল ফোন, ১ টা লেপটপ আৰু বহু পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰিছিল। উদ্ধাৰ কৰা সামগ্ৰীৰ মূল্য আছিল প্রায় ৬.৫২ লাখ টকা। উদ্ধাৰ হোৱা মূল্যবান সামগ্রী সমূহৰ সৈতে গ্ৰেপ্তাৰ কৰা আটাইকেইজন চোৰক পৰৱৰ্তী আইনী ব্যৱস্থা গ্রহণৰ বাবে সংশ্লিষ্ট চৰকাৰী ৰেল আৰক্ষীৰ ভাৰপ্ৰান্ত বিষয়াৰ হাতত গতাই দিয়া হৈছিল। পাছত আটাইকেইজন চোৰক আদালতৰ জৰিয়তে জেললৈ প্ৰেৰণ কৰা হয়।