কোকৰাঝাৰ জিলাৰ অধিন দোতমা ৰাজহ চক্ৰৰ অন্তৰ্গত সাংবাদিক আৰু সংবাদকৰ্মীৰ উমৈহতীয়া সংগঠন দোতমা প্ৰেছ ক্লাৱ আৰু কোকৰাঝাৰ জিলা জাফাই অইন অইন বছৰৰ দৰে এই বেলিও বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানটিত ২০২৩ বৰ্ষত সমাজত অৰিহণা যোগোৱা বিশেষ ব্যক্তিসকলক ফুলাম গামোচা,মানপত্র,ট্ৰফী আৰু এজোপা গছপুলিৰে সম্বৰ্দ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা পতাকা উত্তোলন কৰে দোতমা প্ৰেছ ক্লাৱৰ সভাপতি কৃষ্ণ বৰ্মনে। চিথিলা সমূহীয়া ভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে ১৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা ২০২৩-২৪ বৰ্ষৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানত সাংবাদিকতা শিতানত গণস্তম্ভ কাকতৰ জেষ্ঠ্য সহঃ সম্পাদক মিন্টু হাজৰিকা, আমাৰ প্ৰণাম কাকতৰ জেষ্ঠ্য সাংবাদিক ৰিদীপ কলিতা,সাংবাদিক বাৰ্তাৰ জেষ্ঠ্য সাংবাদিক আৰ্ছাদ ৰহমান বৰা, নতুন স্বদেশ কাকতৰ মুখ্য সম্পাদক দীপজ্যোতি ডেকা, ডি বি নিউজৰ দুলীয়াজানৰ সাংবাদিক মৃদুস্মিতা ফুকন, প্ৰাগ নিউজৰ কোকৰাঝাৰৰ সাংবাদিক দুধনাথ সিং, দৈনিক অসমৰ কোকৰাঝাৰৰ সাংবাদিক অশোক কুমাৰ বৰ্মন, অসমীয়া খবৰৰ কাজলগাওঁৰ সাংবাদিক হিতেশ ৰায়, এন ডি ২৪ ৰ ব্যুৰ চীফ ছাজাদুল ৰাণা হুছেইন, কোচৰাজবংশী লোক সংগীত শিল্পী শিতানত লক্ষ্মী দেবী, কোচৰাজবংশী লোকবাদ্য যন্ত্ৰী শিতানত নিৰেশ ৰায়, লোকবাদ্য যন্ত্ৰী শিতানত আয়নাল হক, বড়ো সংগীত শিল্পী শিতানত অনন্ত বসুমাতাৰী, সমাজসেৱক শিতানত ব্ৰজেন ৰায় আৰু সজল সিংহ,যুৱ ছাত্ৰ নেতা শিতানত গুলজাৰ হুছেইন (আমছুৰ কেন্দ্রীয় মূখ্য সাংগঠনিক সম্পাদক) আৰু ইন্দ্ৰজীৎ দেৱনাথ(সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ কোকৰাঝাৰ জিলাৰ সভাপতি), বিশিষ্ট শিক্ষক শিতানত বাবুৰাম মূৰ্মূ (জয়পুৰ আৰ চি নিম্ন প্ৰাথমিক বিদ্যালয়), উদ্যোমী বঁটা শিতানত ৰীমা তৃষ্ণা হালৈ(কোকৰাঝাৰৰ অতিৰিক্ত জিলা আয়ুক্ত)ক বঁটা প্ৰদান কৰা হয়। সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে দোতমা প্ৰেছ ক্লাৱৰ উপ সভাপতি ভীষ্ম সৰকাৰে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে কোকৰাঝাৰ জিলা আচনি বিষয়া জাহাঙ্গীৰ হুছেইন, আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থাৰ সদস্য কৃষ্ণ কান্ত দাস, জাফাৰ কেন্দ্রীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, সম্পাদক প্ৰধান কুঞ্জমোহন ৰায়, আক্ৰাছুৰ কেন্দ্রীয় সাধাৰণ সম্পাদক সুনাধৰ ৰায়, প্ৰাক্তন কেএলঅৰ উপ অধ্যক্ষ ধনঞ্জয় বৰ্মন, ছাৰেণ্ডাৰ কেএলঅ এছোচিয়েচনৰ সভাপতি কনকেশ্বৰ ৰায়, গোলকগঞ্জৰ এন ডি ২৪ ৰ সাংবাদিক হৰেকৃষ্ণ বেপাৰী, কেএচিৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন, ই এম কৰ্মেশ্বৰ ৰায়ৰ লগতে অইন অইন বিশিষ্ট ব্যক্তিসকল আৰু দোতমা প্ৰেছ ক্লাৱৰ সহ সাধাৰণ সম্পাদক ধনকেশ বৰ্মন,মূখ্য সাংগঠনিক সম্পাদক বিনঞ্জয় নাৰ্জাৰী, প্ৰচাৰ সম্পাদক ছাহাদত হুছেইন আদিয়ে।