অসমৰ আয়ুষ খণ্ডক অধিক গতিশীলতা প্ৰদানেৰে অলপতে গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় তথা চিকিৎসালয়ত কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পঞ্চকৰ্মৰ উৎকৃষ্টতা কেন্দ্ৰ আৰু ৰাজ্যিক ফাৰ্মাচীৰ নৱীকৰণৰ শুভ উদ্বোধন কৰে। ইয়াৰ জৰিয়তে জনসাধাৰণে সুলভ মূল্যত পৰম্পৰাগত স্বাস্থ্যসেৱা প্ৰণালীৰ সুফল লাভ কৰিবলৈ সক্ষম হ’ব।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয়, “মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি দেশৰ পৰম্পৰাগত ঔষধ তথা চিকিৎসা পদ্ধতিৰ সম্প্ৰসাৰণৰ বাবে অহোপুৰুষাৰ্থ কৰিছোঁ। ইয়াৰ ফলত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰো আয়ুষ সম্ভাৱনা যথেষ্ট ত্বৰান্বিত হৈছে। সমগ্ৰ অঞ্চলটোত আয়ুৰ্বেদিক শিক্ষা তথা চিকিৎসা পদ্ধতিৰ প্ৰসাৰৰ দিশত অনাগত দিনবোৰতো গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ে অগ্ৰণী ভূমিকা পালন কৰিব বুলি আমি দৃঢ় বিশ্বাসী। ইতিমধ্যে ৭৫ বছৰ গৰকা ঐতিহ্যমণ্ডিত এই মহাবিদ্যালয়খনক উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে গঢ় দিয়াতো আমি অগ্ৰাধিকাৰ দিছোঁ।”
সৰ্বানন্দ সোণোৱালে লগতে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমি আয়ুষ খণ্ডক এক নতুন শিখৰত উপনীত কৰিবলৈ সক্ষম হৈছোঁ। ২০১৪ চনৰ পূৰ্বে ভাৰতৰ আয়ুষ সামগ্ৰীৰ বজাৰ মূল্য মাত্ৰ ২৪,০০০ কোটিতে সীমাবদ্ধ আছিল, কিন্তু এতিয়া দেশৰ আয়ুষ সামগ্ৰীয়ে বিশ্বজুৰি ৪.৫০ লাখ কোটি টকাৰ বজাৰ লাভ কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বিগত বছৰসমূহত ভাৰতৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ পুনৰুত্থান হৈছে। তেখেতৰ ঐকান্তিক প্ৰচেষ্টাত যোগে বিশ্বব্যাপী প্ৰসাৰতা লাভ কৰিছে আৰু আয়ুষ পদ্ধতিসমূহো সৰ্বসাধাৰণৰ মাজত ব্যাপকভাৱে জনপ্ৰিয় হৈছে। অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য আৰু বনৌষধিৰে ভৰপূৰ অসমত একাধিক আয়ুৰ্বেদিক মহাবিদ্যালয়, আয়ুৰ্বেদিক চিকিৎসালয়, প্ৰায় ৫০০ আয়ুষ সুস্থতা কেন্দ্ৰ আদি গঢ়ি তোলা হৈছে। শেহতীয়াকৈ পাছিঘাট, শ্বিলং আৰু গুৱাহাটীতো আয়ুষ প্ৰতিষ্ঠানৰ ক্ষমতা সম্প্ৰসাৰণৰ ব্যৱস্থা কৰা হৈছে।”
উক্ত অনুষ্ঠানটিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, বিধায়কসকল- অতুল বৰা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল।