অসমকে ধৰি উত্তৰ পূৱৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীখন চাফ – চিকুণ আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত প্ৰতিগৰাকী নাগৰিকৰে দায়িত্ব আছে। এই দিশৰ প্ৰতি নাগৰিকৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যৰ অন্যতম অগ্ৰণী স্বেচ্ছাসেবী সংগঠন লেংডন ফাউণ্ডেশ্যনে ২৫ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটী মহানগৰীত এক সজাগতামূলক কাৰ্যসূচী আৰম্ভ কৰিছে। ইয়াৰ অংশ হিচাপে ২৫ ফেব্ৰুৱাৰীত ওদালবাক্ৰাৰ সূৰুয নগৰ পথটোত এক বৃহৎ চাফাই অভিযান কার্যসূচী গ্ৰহণ কৰা হয়।
উল্লেখ্য যে এই পথটো দীর্ঘদিন ধৰি আৱৰ্জনাৰে ভৰি পৰিছিল। তদুপৰি পথটোৰ কাষত একাংশ লোকে মূত্র ত্যাগ কৰাত দুৰ্গন্ধৰে ভৰি পৰিছিল। ফলত এলেকাটোত প্ৰদূষণৰ সৃষ্টি হোৱাৰ লগতে জনস্বাস্থ্যৰ প্ৰতিয়ো ভাবুকিৰ সৃষ্টি কৰিছিল। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত পথটোত চাফাই অভিযান কার্যসূচী গ্ৰহণ কৰা হয়। পথটোৰ প্ৰায় এক কিলোমিটাৰ এলেকা অঞ্চলটোৰ সচেতন নাগৰিক সকলৰ সহযোগত লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁইৰ নেতৃত্বত চলোৱা চাফাই অভিযানত সংগঠনটোৰ সদস্য – সদস্যা সকলে হাতে হাতে ঝাৰু, কোৰ- কোদাল লৈ পথচোৱাৰ জাবৰ , যোথৰ আৰু আৱৰ্জনা সমূহ চাফ- চিকুণ কৰে। আনহাতে এই অভিযানত সুভাষ শর্মা, চিত্তৰঞ্জন ডেকা, হৰেন বৰগোহাঁই, জিতুৰাজ শইকীয়া, জিতু ডেকা, দীনেশ কোঁৱৰ, ৰেখা বৰগোহাঁই, লক্ষ্য ফুকন, লোকেশ্বৰ কোঁৱৰ, বন্ধু দেবী হাজৰিকা দাসসহ সংগঠনটোৰ সদস্য – সদস্যা আৰু অঞ্চলটোৰ কেইবাজনো জ্যেষ্ঠ নাগৰিকে অংশগ্রহণ কৰে। আনহাতে আগন্তুক দিনত পৰ্যায়ক্ৰমে গুৱাহাটী মহানগৰীৰ আন অঞ্চলটো এই চাফাই অভিযান চলি থাকিব বুলি লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোঁহায়ে জানিবলৈ দিছে।