মূকবধিৰ আৰু শ্ৰৱণ শক্তিৰ সমস্যা, ইয়াৰ কাৰণ আৰু প্ৰতিৰোধ আৰু কাণৰ স্বাস্থ্যৰ যত্ন লোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিশ্ববাসীৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ৩ মাৰ্চত “বিশ্ব শ্ৰৱণ দিৱস” পালন কৰা হয়। প্ৰতি বছৰৰ দৰে এইবেলিও চৰকাৰী আযুৰ্বেদিক মহাবিদ্যালয়ৰ শালক্য তন্ত্ৰ বিভাগৰ উদ্যোগত পূৰ্বোত্তৰ প্ৰতিবন্ধী প্ৰতিস্থান আৰু চৰকাৰী আযুৰ্বেদিক মহাবিদ্যালয়ৰ মাজত ৰবিবাৰে বিয়লি এখন প্ৰীতি ফুটবল খেল অনুস্থিত হয়। খেলখন উদ্বোধন কৰে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ উপাধ্যক্ষা ডাঃ যানবেনী হামচৈয়ে।
এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে – চৰকাৰী আযুৰ্বেদিক মহাবিদ্যালয়ৰ শালক্য তন্ত্ৰ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ জ্যোতিৰ্ময় শৰ্মা, অধ্যাপক ডাঃ অলকেশ মজুমদাৰ, গুৱাহাটীৰ পূৰ্বোত্তৰ প্ৰতিবন্ধী প্ৰতিষ্ঠানৰ অধ্যক্ষ জে পি চহৰীয়া, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা পূৰ্বোত্তৰ প্ৰতিবন্ধী প্ৰতিষ্ঠানৰ সভাপতি ডাঃ ধনেশ্বৰ কলিতা আৰু মহাবিদ্যালয়ৰ অধ্যাপক- অধ্যাপিকা আৰু ছাত্ৰ – ছাত্ৰী সকল। চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা খেলখনত চৰকাৰী আয়ুৰ্বেদিক মহবিদ্যালয়ৰ দলটোৱে ২-১ গ’লৰ ব্যৱধানত পূৰ্বোত্তৰ প্ৰতিবন্ধী প্ৰতিষ্ঠানৰ দলটোক পৰাজিত কৰে। খেলখনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে জংপো বৰগয়াৰীয়ে আৰু আস্কিনাছ হেমব্ৰমক শ্ৰেষ্ঠ উদীয়মান খেলুৱৈ হিচাপে সন্মানিত কৰা হয়।
উল্লেখ্য যে, এই বছৰ বিশ্ব স্বাস্থ্য সংস্থাই বিশ্ব শ্ৰৱণ দিৱসৰ বাবে “মানসিকতা সলনি কৰা: কাণ আৰু শ্ৰৱণ ক্ষমতাক সকলোৰে বাবে বাস্তৱত পৰিণত কৰোঁ আহক” বিষয়বস্তু নিৰ্ধাৰণ কৰিছে। এই বাৰ্তা জনসাধাৰণৰ আগত আঙুলিয়াই দিয়াটোৱেই আছিল এই খেলখনৰ মুখ্য উদ্দেশ্য।