হঠাৎ নিষ্ক্ৰিয় হৈ পৰিছিল ফেচবুক আৰু ইনষ্টাগ্ৰাম! কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বজুৰি সৃষ্টি হৈছিল এই সমস্যাৰ। হাহাকাৰ লাগিল সকলোতে।
Chill guys. Wait few minutes everything will be solved.@Meta @facebook @instagram
— Mark Zuckerberg (Parody) (@MarkCrtlC) March 5, 2024
৫ মাৰ্চ মঙ্গলবাৰে নিশা প্ৰায় ৯ বজাৰ বৰা হঠাৎ নিষ্ক্ৰিয় হৈ পৰে মেটাৰ অধিনস্থ ফেচবুক আৰু ইনষ্টাগ্ৰাম। ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰি থকাৰ মাজতে হঠাৎ বন্ধ হৈ পৰে সকলো। মোবাইলৰ স্ক্ৰিণত দেখুৱাইছে কেৱল ছেচন এক্সপ্ৰাইয়াৰ্ড। কোৱা হৈছে পুনৰ একাউণ্ট লগ ইন কৰিবলৈ। কিন্তু বাৰে বাৰে চেষ্টা কৰিও ব্যৱহাৰকাৰী সকলে নিজৰ একাউণ্ট লগইন কৰিব পৰা নাছিল।
https://twitter.com/MarkCrtlC/status/1765059132628078866
ইফালে টুইটাৰত ফেচবুক, ইনষ্টাগ্ৰাম ডাউন হোৱাৰ বিষয়টোৱে ধুমুহাৰ সৃষ্টি কৰিছে। টুইটাৰত মুহুৰ্ততে ট্ৰেণ্ডিঙলৈ আহে ফেচবুক, ইনষ্টাগ্ৰাম ডাউন বিষয়টোৱে। অৱশ্যে পুনৰ সক্ৰিয় হল ফেচবুক আৰু ইনষ্টাগ্ৰাম। বৰ্তমানলৈকে এই সমস্যাৰ সৃষ্টি হোৱাৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও সন্দেহ কৰা হৈছে মেটাৰ কিছু কাৰিকৰী বিজুটিৰ বাবেই এই সমস্যাৰ সৃষ্টি হৈছিল।