গোৱালপাৰাৰ দ্বাৰকা গাঁও পঞ্চায়তৰ কেইবাখন গাঁৱত অচিন ৰোগত আক্ৰান্ত হৈছে বহু লোক। জণ্ডিছ সদৃশ বেমাৰত আক্ৰান্ত হৈছে বহুকেইখন গাৱঁৰ লোক। ১ নং বৰঝৰা-নদীয়াপাৰা, বামুনডাঙা, ডোৱা পাৰা, মজাইপাৰা, টিলাপাৰা আৰু ছোটদামাল গাঁৱত ডিচেম্বৰ মাহৰ পৰা এই অচিন ৰোগত আক্ৰান্ত হৈ এতিয়ালৈ ১৪ জন লোকৰ মৃত্যু হৈছে।
অঞ্চলটোৰ জনসাধাৰণে ব্যৱহাৰ কৰা পানীৰ বাবে এই অচিন ৰোগৰ পাৰ্দোভাৱ হোৱাৰ আশংকা স্বাস্থ্য বিভাগৰ। ইতিমধ্যে অঞ্চলটোত স্বাস্থ্য বিভাগ উপস্থিত হৈ পানীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। লগতে ৰইজক প্ৰয়োজনীয় দিহা পৰামৰ্শ দিয়ে। শেহতীয়াকৈ এই ৰোগত আক্ৰান্ত হোৱা কেইবাজনকো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।