গুৱাহাটীৰ জালুকবাৰীস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে বৃহস্পতিবাৰে এটি ‘ আত্মৰক্ষা প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয়। ‘ কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষ ( IQAC ) ৰ সহযোগত অনুষ্ঠিত কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে কাৰাটেৰ ৰাষ্ট্ৰীয় খেলুৱৈ ৰুমেনা হাজৰিকাই। কৰ্মশালাত ছাত্ৰ – ছাত্ৰীসকলে অত্যন্ত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
আনহাতে কৰ্মশালাৰ সামৰণিত অনুষ্ঠিত সভাখনৰ আঁত ধৰে মহিলা কোষৰ সম্পাদিকা আৰু আভ্যন্তৰিণ মান নিৰূপণ কোষৰ সমনয়ক ডঃ নীলাক্ষি দেৱীয়ে আৰু সভাখনত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ বন্দনা সন্দিকৈয়ে। ‘ নাৰী দিৱসৰ মূল বিষয়’ সম্পৰ্কে নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে মহিলা কোষৰ সভানেত্ৰী ডঃ অৰুন্ধতী গোস্বামীয়ে। সভাত মনোজ ক’ৰে যোগ প্ৰদৰ্শন, নৱবিকাশ শৰ্মাই একক অভিনয়, কৰীণা চমুৱা আৰু দীপিকা দাসে গীত পৰিৱেশন, কৃতি ৰামে কবিতা আবৃত্তি আৰু আমিনুলে নৃত্য প্ৰদৰ্শন কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই মহিলা কোষৰ সম্পাদিকা ডঃ নীলাক্ষি দেৱীয়ে।