সীমান্ত নিৰাপত্তা বাহিনীৰ (BSF) আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় প্ৰাংগণত আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি শনিবাৰে প্ৰেক্ষাগৃহত বাৰে ৰহনীয়া কাৰ্যসূচীৰে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত BSFৰ কেবা গৰাকী মহিলা বিষয়া – জোৱানৰ উপৰিও পৰিয়ালৰ কেবাজনেও নৃত্য, গীত পৰিৱেশন কৰে।
তেনেদৰে মুখ্য কাৰ্যালয় চৌহদৰ আবাসী সকলৰ মাজত চুলিৰ সৌন্দৰ্য আৰু ৰন্ধন প্ৰণালী বিষয়ক এক প্ৰতিযোগিতাও অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত ভাষণ প্ৰদান কৰে নন্দিতা কটনালাই। ভাষণত নন্দিতা কটনালাই এইবেলিৰ নাৰী দিৱসৰ বাণী “Inspire Inclusion” বিষয়ৰ লগতে নাৰী সৱলীকৰণ, অধিকাৰ, সুৰক্ষা আত্মৰক্ষা আদিৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত বি এছ এফৰ বহু মহিলা জোৱান তথা প্ৰহৰী উপস্থিত আছিল।