অসম আদৰ্শ গাওঁ যোজনাৰ (২০২২ – ২৩ ) অধীনত পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী উন্নয়ন খণ্ডৰ অন্তৰ্গত মাজিৰগাওঁ আদৰ্শ গাওঁৰ দুটা আঁচনিৰ শনিবাৰে নিৰ্মাণ- সম্পূৰ্ণকৰণৰ আধাৰশিলা স্থাপন আৰু উদ্ধোধন কৰা হয়। আঁচনি দুখন হল ক্ৰমে – ১৫ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া পূৱ মাজিৰগাওঁৰ ঐতিহাসিক শিলপোতা সত্ৰৰ সীমাৰ দেৱালৰ আধাৰশিলা স্থাপন আৰু নিৰ্মাণ সম্পুৰ্ণ হোৱা পূৱ মাজিৰগাওঁৰ ৰ্অকিড ক্লাব উদ্ধোধন। দুয়োখন আচঁনিৰ আধাৰশিলা স্থাপন আৰু উদ্ধোধন কৰে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।
আনহাতে এই উপলক্ষে ক্লাৱ প্ৰাংগণত তিনি শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত উপস্থিত সকলোকে আদৰণি জনায় অগপ নেতা সুভাষ শৰ্মাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই ভাষণ প্ৰসংগত মাজিৰগাওঁ গাওঁ পঞ্চায়তক আদৰ্শ গাওঁ হিচাপে উন্নীতকৰণৰ বাবে চৰকাৰে কি কি আঁচনি গ্ৰহণ কৰিছে তাৰ বাখ্যা দাঙি ধৰি ৰাইজক এইক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়। অনুষ্ঠানত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱজ্যোতি দাস, মাজিৰগাওঁ গাওঁ পঞ্চায়তৰ সহকাৰী অভিযন্তা নৱ কুমাৰ লহকৰ, সচিব সুবোধ কলিতা, সমাজকৰ্মী অভিজিত কলিতাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।