চণ্ডিগড় ৩ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ সপ্তাহযোৰাকৈ অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় অসামৰিক ভেটাৰ্ণ বেডমিণ্টন প্ৰতিযোগিতাত অসম সচিবালয়ৰ ৪৫ বছৰ উর্ধৰ পুৰুষ দলটোৱে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। খেলুৱৈ দুগৰাকী হৈছে অসম সচিবালয়ৰ ক্ৰীড়া, যুৱ কল্যাণ আৰু জলসিঞ্চন বিভাগৰ জ্যেষ্ঠ বিত্তীয় উপদেষ্টা বিষ্ণু ডেকা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক প্ৰাঞ্জল পাংগিং।
আনহাতে সচিবালয়ৰ মহিলা দলৰ গীতাঞ্জলি শইকীয়া আৰু গড়গাঁও মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা পাকিজা বেগমে ছেমি ফাইনেলৰ পৰা বাহিৰ হ’বলগীয়া হয়। প্ৰতিযোগিতাত ভাগ লোৱা দলটোৰ আন সদস্য সকল আছিল ক্ৰমে – অসম সচিবালয়ৰ পতিত পৱন দত্ত, জালুকবাৰীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ডাঃ জ্যোতিৰ্ময় শৰ্মা, ছিপাঝাৰ মহাবিদ্যালয়ৰ অধ্যাপক পংকজ গগৈ, আৰু অসম লোকসেৱা আয়োগৰ জ্ঞানদীপ সোণোৱাল।