ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ ক্ষেত্ৰীয় ক্ৰীড়া নিয়ন্ত্ৰণ পৰিষদৰ উত্তৰ পূৱ মণ্ডলৰ উদ্যোগত একক ব্যৱহাৰযুক্ত প্লাষ্টিকৰ ভয়াবহতাৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে ২০ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উত্তৰ পূৰ্বাঞ্চলত আৰম্ভ হোৱা ১৯ দিনীয়া সৰ্বভাৰতীয় চাইকেল ৰেলীৰ ১০ মাৰ্চৰ দিনা সন্ধিয়া সামৰণি পৰে। এই ৰেলীত প্ৰাধিকৰণৰ দেশৰ বিভিন্ন প্ৰান্তৰ ২ জন বিষয়াসহ ৬০ জন নিৰ্বাচিত চাইকেলিষ্টে ভাগ লৈছিল। ২০ ফেব্ৰুৱাৰীৰ দিনা পূৱা ৬ বজাত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ চৌহদত থকা প্ৰাধিকৰণৰ কমিউনিটি হলৰ পৰা পতাকা জোকাৰি এই ৰেলীৰ শুভাৰম্ভ কৰিছিল প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক ডঃ সন্মুখ যোগানীয়ে। এই ৰেলীটোৱে সমগ্র উত্তৰ পূৰ্বাঞ্চলৰ অসম , অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ ১৮ টা স্থান সামৰি প্ৰায় ১,৬০০ কিলোমিটাৰ পথ পৰিভ্ৰমণ কৰিছিল।
তাৰ ভিতৰত প্ৰথম পৰ্যায়ত পবিতৰা অভয়াৰণ্যৰ পৰা নগাওঁ, লামডিং হৈ ডিমাপুৰ বিমানবন্দৰ, দ্বিতীয় পৰ্যায়ত ডিমাপুৰ বিমানবন্দৰৰ পৰা ডিব্ৰুগড় বিমানবন্দৰ, তৃতীয় পৰ্যায়ত ডিব্ৰুগড় বিমানবন্দৰৰ পৰা পাছিঘাট বিমানবন্দৰ, চতুৰ্থ পৰ্যায়ত পাছিঘাট বিমানবন্দৰৰ পৰা হোলোংগী বিমানবন্দৰ, পঞ্চম পৰ্যায়ত হোলোংগী বিমানবন্দৰৰ পৰা বৰঝাৰ বিমানবন্দৰত ১০ মাৰ্চত ৰেলীৰ সামৰণি মৰা হয়। প্ৰতিটো পৰ্যায়তে ১২ জনকৈ চাইকেলিষ্টে ভাগ লৈছিল। আনহাতে ১০ মাৰ্চৰ নিশা ৭.৩০ বজাত বৰঝাৰ বিমানবন্দৰৰ কমিউনিটি হলত অনুষ্ঠিত সামৰণি অনুষ্ঠানত ৰেলীত পঞ্চম পৰ্যায়ত ভাগ লোৱা ১২ জন চাইকেলিষ্টক সম্বৰ্দ্ধনা জনোৱা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক ডঃ সন্মুখ যোগানী, মহিলা কল্যাণ সংস্থা “কল্যাণময়ী”ৰ অধ্যক্ষা দয়া যোগানীকে ধৰি কেবাজনো কৰ্মকৰ্তা, বিষয়া উপস্থিত থাকে । অনুষ্ঠানত সাংস্কৃতিক কাৰ্যসূচীও পৰিৱেশন কৰা হয়।